বন্য প্ৰাণী সপ্তাহৰ লগত সংগতি আলোচনাচক্ৰ
ষ্টাফৰিপৰ্টাৰ, ৬ অক্টোবৰ : বন্য প্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ নদী ডলফিনৰ সংৰক্ষণ আৰু ইক' টুৰিজিম বিষয়ক আৰু শিহু পৰ্যবেক্ষণ' শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। পবিতৰা অভয়াৰণ্যৰ নিকটৱৰ্তী হাতীমূৰীয়া গাঁৱত এই আলোচনাচক্ৰৰ লগতে
'নদী ডলফিনৰ পৰ্যবেক্ষণ' অনুষ্ঠানৰ আয়োজন কৰা হয়। বুধবাৰে এই অনুষ্ঠান হাতীমূৰীয়া অৰুনোদয় যুৱ বিকাশ সমিতিৰ কার্যালয় প্ৰাংগণত পুৱা ৯.৩০ বজাত আৰম্ভ হৈ দুপৰীয়া ১২.৪৫ বজাত পকৰীয়া বিলত সামৰণি পৰিব। অৰণ্যক, পবিতৰা ইক'-টুৰিজিম ডেভেলপমেণ্ট ছ'চাঁইটি, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ আদিৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
Comments
Post a Comment