জামুগুৰিহাটৰ মৃৎশিল্পীৰ চৰকাৰৰ ওপৰত ক্ষোভ

নাখায় মৰাতকৈ কৰ'ণাত মৰাই ভাল।

--ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৯ অক্টোবৰ: শাৰদীয় দুগোৎসৱলৈ হাতত মাথো আৰু পাঁচটা দিন বাকী থকাৰ সময়ত ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে জামুগুৰিহাটৰ মৃৎ শিল্পী সকলৰ ক্ষেত্ৰতো দেখা গৈছে এখন দুখলগা ছবি । কৰ'ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰ দুগোৎসৱ পতাৰ ক্ষেত্ৰত চৰকাৰে কেতবোৰ নিয়মনীতি বান্ধি দিয়াৰ ফলত প্ৰায়বোৰ দুৰ্গা পূজাৰ কমিটিয়ে পূজা নপতাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে  জামুগুৰিহাটৰ মৃৎ শিল্পী সকল । মূৰ্তি বনাই গোটেই বছৰটোৰ কাৰণেই উপাৰ্জনৰ পথ বাছি লোৱা এইসকল মৃৎশিল্পীৰ দুগোৎসৱৰ প্ৰতিমা সমুহ এইবাৰ বিক্ৰী কৰিব নোৱাৰাৰ বাবে জীৱন জীৱিকালৈ গভীৰ শংকত  নামি আহিছে । জামুগুৰিহাটৰ চেচাসত্ৰৰ  ববী দাস নামৰ মহিলা মৃৎশিল্পী গৰাকীৰ মন্তৱ্য- প্ৰত্যেক বছৰেই দুগোৎসৱৰ সময়ত ৫০ গৰাকীৰো অধিক দুৰ্গা প্ৰতিমা আমি  বিক্ৰী কঁৰো  ৷ কিন্তু এইবেলি মাত্ৰ  ১০গৰাকী প্ৰতিমাৰ বাবে যোগাযোগ কৰিছে যদিও পূজা পতাৰ ক্ষেত্ৰত  চৰকাৰে কঠোৰ নিয়মাৱলী প্ৰদান কৰাৰ ফলত পুনৰ তিনি খনকৈ কমিটিয়ে পূজা নপতাৰ সিদ্ধান্ত লোৱাৰ ফলত আমাৰ  হাতত মাত্ৰ সাত গৰাকী প্ৰতিমাৰহে অৰ্ডাৰ ৰৈছেগৈ ।কভিড পৰিস্থিতিৰ লগতে চৰকাৰে দুগোৎসৱ পতাৰ ক্ষেত্ৰত  বান্ধি দিয়া নিয়মাৱলীৰ ফলত পানীত হাঁহ নচৰা অৱস্থাৰ উপক্ৰম হোৱা এইসকল মৃৎশিল্পীয়ে এতিয়া নেখায় মৰাতকৈ কৰ'ণাত মৰাই ভাল বুলিহে মন্তব্য কৰিছে ৷জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা