আমছুৰ তিনিচুকীয়া আঞ্চলিক সমিতি গঠন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ অক্টোবৰ: সদৌ অসম সংখ্যালঘু ছাত্ৰ  ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত তিনিচুকীয়া আঞ্চলিক সমিতিখন পুনৰ গঠন কৰা হয়। সেই মৰ্মে মৰ্ডান একাডেমী জুকাটি প্ৰাংগনত অনুষ্ঠিত হোৱা সভাৰ সভাপতিত্বত কৰে আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল ৰহিমে। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰি আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবি, আমছুৰ  নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক  আশ্ৰাফুল হুছেইন, সমাজ সেৱক আবু বক্কৰ  ছিদ্দিক আৰু মৰ্ডান একাডেমীৰ অধ্যক্ষ ছাইফুল ইছলামে ভাষণ প্ৰদান কৰে। এই সভাতে হাবিজুৰ ৰহমানক সভাপতি,  আলমগীৰ আৰু মফিদুল ইছলামক সম্পাদক হিচাপে লৈ ৩১ জনীয়া আমছুৰ তিনিচুকীয়া আঞ্চলিক সমিতিখন গঠন কৰা হয়। সভাত আমছুৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক আব্দুল নুৰ,  উপ সভাপতি আমিৰ হুছেইন, সহঃ সম্পাদক ফাৰুক আব্দুল্লা, সাংগঠনিক সম্পাদক গুলজাৰ হুছেইন,  প্ৰচাৰ সম্পাদক ছাইব আলী আৰু শিক্ষা সম্পাদক মিজানুৰ ৰহমান উপস্থিত  থাকে।   

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা