ফ'ৰ্বচৰ তালিকাত বিশ্বৰ সৰ্বাধিক প্ৰভাৱশালী চিএমও এইচডিএফচি বেংকৰ চিএমও ৰবি সন্থানম
ষ্টাফ ৰিপ'ৰ্টাৰ,,,,,৫ অক্টোবৰ
এইচডিএফচি বেংকৰ চিফ মাৰ্কেটিং অফিচাৰ(চিএমও) ৰবি সন্থানম ফ'ৰ্বচৰ তালিকাত "বিশ্বৰ সৰ্বাধিক প্ৰভাৱশালী ব্যক্তি চিএমও ২০২০' স্থান লাভ কৰিছে। তেওঁ ফ'ৰ্বছৰ তালিকাত স্থানপ্ৰাপ্ত একমাত্ৰ চিএমও। তেওঁ ৩৯ তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 'ফিনান্সিয়েল এক্সপ্ৰেছ'ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ কয়"-কোভিড ১৯ৰ বিৰূদ্ধে যুঁজিবলৈ সামাজিক দূৰত্ব মানি চলাটো যিহেতু সময়ৰ প্ৰয়োজন, সেয়ে আমি আমাৰ চিহ্নৰে এই গুৰুত্বপূৰ্ণ বাৰ্তা জনসাধাৰণৰ মাজলৈ কঢ়িয়াই নিব বিচাৰিছিলোঁ"। উল্লেখযোগ্য যে, চিএমও গৰাকীয়ে কোৰোনা ভাইৰাছৰ সময়ত ভাৰতীয় বেংকৰ প্ৰতিক্ৰিয়াৰ নেতৃত্ব দি জনসাধাৰণক সুৰক্ষিত দূৰত্ব বজাই ৰাখিবলৈ '# এইচডিএফচি চেফটি গ্ৰিড' অভিযান আৰম্ভ কৰিছিল।
Comments
Post a Comment