ৰঙিয়াত বিজেপি কিষাণ মৰ্চাৰ প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰম্ভ

প্ৰতিবেদক, ৰঙিয়া, ১৬ অক্টোবৰঃ দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা ৰঙিয়া ৰেলৱে সামূহিক ভৱনত বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। পুৱা দহ বজাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে দলীয় পতাকা উত্তোলনেৰে সভাৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত সভাপতি দাস, বিজেপিৰ ৰাষ্ট্ৰীয় সচিব দিলীপ কুমাৰ শইকীয়া আৰু মন্ত্ৰী ভৱেশ কলিতাই বন্তি প্ৰজ্বলন কৰে। আদৰণি ভাষণ আগবঢ়ায় ৰাজ্য চৰকাৰৰ জলসিঞ্চন আৰু ৰাজ্যিক শিক্ষা মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা আৰু কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰফুল্ল বৰাই। বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে কেন্দ্ৰীয় চৰকাৰে প্ৰবৰ্তন কৰা আচনি সমূহ প্ৰতি গৰাকী পৰিয়ালৰ মাজলৈ লৈ যোৱাৰ বাবে কিষাণ মৰ্চাৰ কৰ্মকৰ্তা সকলক আহ্বান জনায়। তেওঁ কয় যে একমাত্ৰ ভাৰতীয় জনতা পার্টিয়ে অসমৰ প্ৰতিজন খিলঞ্জীয়াৰ জাতি, মাটি আৰু ভেটি ৰক্ষা বাবে সংকল্পবদ্ধ। শেহতীয়া ভাৱে ৰাজ্য চৰকাৰে প্ৰায় একলাখ ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা প্রদান কৰি অভিলেখ সৃষ্টি কৰিছে। এইক্ষেত্ৰত কংগ্ৰেছ সহ বিৰোধী দল সমূহে বিধান সভাৰ মজিয়াত শুই প্ৰতিবাদ কৰিছিল, কিন্তু আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ পিছত বিজেপি দলে চৰকাৰ গঠন কৰি পুনৰ অধিক ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা বিতৰণ কৰিব। এই ক্ষেত্ৰত বিৰোধী দল সমূহে বিধান সভাৰ মজিয়াত শুলে বা মৰিলেও মাটিৰ পট্টা প্রদান কৰাৰ ক্ষেত্ৰত বাধা দি ৰাখিব নোৱাৰে বুলি সভাপতি দাসে দৃঢ়তাৰে ঘোষণা কৰে। তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে বিতং আলোচনা কৰে। দাসৰ মতে যোৱা নিৰ্বাচনত কৈ বিজেপিয়ে এইবেলি অতিৰিক্ত ভাৱে ন খন আসন লাভ কৰি মুঠ ৯৬ আসন পোৱাৰ পিছত অতিৰিক্ত ৪ খন আসন যোগাৰ কৰি ১০০ আসনত জয়ী হৈ পুনৰ দিছপুৰ দখল কৰিব বুলি  নিশ্চয়তা প্ৰদান কৰে। সভাত সাংসদ তথা ৰাষ্ট্ৰীয় সচিব দিলীপ শইকীয়াই কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে প্ৰৱৰ্তন কৰা বিভিন্ন আচনিৰ বিষয়ে দাঙি ধৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰায় এঘাৰ কোটি কৃষকক ছয়হাজাৰ টকাকৈ পোনে পোনে বেংকৰ একাউন্টত প্ৰদান কৰিছে ।তাৰ উপৰিও কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে প্ৰায় তিনি কোটি কৃষকক ঋণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ১৯৬৫ চনৰ পৰা ভাৰতবৰ্ষত প্ৰযোজ্য হোৱা নূন্যতম সমৰ্থন মূল্যৰ যি ব্যবস্থা গ্ৰহণ কৰা হৈছিল সেয়া নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কৃষকৰ আয় দুগুণ কৰাৰ ব্যবস্থা কৰাৰ জৰিয়তে কৃষকক নূন্যতম সমৰ্থন মূল্য ডেৰগুণ ইতিমধ্যে বৃদ্ধি কৰা হৈছে বুলি সাংসদ শইকীয়াই কয়।সভাত ভাৰতীয় কিষাণ সংঘৰ অসম প্ৰদেশ প্ৰান্ত সাংগঠনিক মন্ত্ৰী কৃষ্ণ বৰা, বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, কিষান মৰ্চাৰ ৰাজ্যিক প্ৰভাৰী বিজুলী কলিতা মেধি সহ কেইবাগৰাকী বক্তাই বিভিন্ন দিশৰ বক্তব্য প্ৰদান কৰে। কাইলৈৰ সামৰণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডা'ৰ আহ্বায়ক তথা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ অসম প্ৰদেশ উপ সভাপতি জয়ন্ত মল্ল বৰুৱা, সাধাৰন সম্পাদক পল্লৱ লোচন দাস, মন্ত্ৰী যোগেন মহন, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী সমূহ কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা