কাকপথাৰ দিৰাকত ১৩ বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা
সদৌ মৰাণ ছাত্ৰ সন্থা দিৰাক শাখা সমিতি আৰু দিৰাক আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বদৌচা স্পৰ্ট ক্লাৱৰ সহযোগত আৰু দিৰাক বাসী ৰাইজ আৰু দিৰাক ফুটবল দলৰ তত্বাৱধানত যোৱা ৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈ থকা ফুটবল প্ৰতিযোগিতা আজি দ্বিতীয়খন চেমি ফাইনেল অনুষ্ঠিত হৈ যায় । আজিৰ চেমিত দুমডুমাৰ দৈমুখীয়া আৰু দিৰাক ফুটবল দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা পৰিলক্ষিত হয় যদিও দিৰাক দলে দৈমুখীয়া দলক ১ - 0 ব্যৱধানত বিজয় সাব্যস্ত কৰে । খেলৰ প্ৰথম ভাগত ২০ মিনিটত এটা কৰ্ণাৰ কিকৰ জৰিয়তে আকাশ দোহাটীয়াই দৰ্শনীয় হেডিঙেৰে বিজয়সূচক গলটো দিয়ে আৰু ইয়াৰ লগে লগে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে । মাকোম ফুটবল দলৰ সৈতে দিৰাক ফুটবল দলে অহা ১২ অক্টোবৰ সোমবাৰে চূড়ান্ত ফাইনেল খেলখনত অৱৰ্তীন হব । অৱশ্যে প্ৰতিকূল বতৰৰ বাবে চূড়ান্ত খেলৰ তাৰিখ সলনি হোৱা কথা উল্লেখ কৰে উদ্যোক্তা সকলে লগতে সকলো শ্ৰেণীৰ ৰাইযে ফাইনেল খেলখন উপভোগ কৰি ১৩ বছৰ অনুৰ্ধৰ খেলুৱৈ শিশুসকলক উৎসাহিত কৰাৰ লগতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে ।
Comments
Post a Comment