উগ্ৰতাৰা দেৱালয়ৰ লগতে তিনিখন পূজা সমিতিলৈ অমৃত চিমেণ্টৰ বঁটা প্ৰদান



দিছপুৰ প্ৰেছক্লাবত অমৃত চিমেণ্ট স্বাস্থ্যকৰ পূজা বঁটা প্ৰদান

ষ্টাফৰিপোৰ্টাৰ, ৩০ অক্টোবৰ : অমৃত চিমেণ্টৰ স্বাস্থ্যৱান আৰু ক'ভিড-১৯ প্ৰট'কল অনুসৰণ কৰা সচেতন পূজা সমিতিসমূহক "অমৃত চিমেণ্ট স্বাস্থ্যকৰ পূজা বঁটা" শুকুৰবাৰে দিছ্পুৰ ক্লাৱত অনুষ্ঠিত হয়। এই বছৰ, দুৰ্গা পূজা পূৰ্বতকৈ পৃথক, এই বছৰ দুৰ্গা পূজা অতি সীমিত আহিলা তথা সামগ্ৰীৰে অনুষ্ঠিত কৰা হৈছিল আৰু ক'ভিড ১৯ পৰিচ্ছন্নতা প্ৰট'কলৰ লগতে সামাজিক দূৰত্ব ৰখা হৈছিল। শুকুৰবাৰে
এই বঁটা প্ৰদান কৰে বিশিষ্ট চিকিৎসক তথা সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱাই। এইবাৰৰ বঁটা বিজয়ী সমিতিসমূহ হৈছে ক্ৰমে শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয় পৰিচালনা সমিতি, ৰেষ্টকেম্প কালীবাৰী দুৰ্গা পূজা সমিতি আৰু দিছপুৰ সাৰ্বজনীন পূজা সমিতি। এই বঁটাত আছে এখন ফুলাম গামোছা, শৰাই আৰু মানপত্ৰ। এই বঁটা গ্ৰহণ কৰি শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয় পৰিচালনা সমিতিৰ হৈ কৈলাশ শৰ্মাই কয় ' অমৃত চিমেণ্টে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। স্বাস্থ্য থাকিলেহে এটা জাতি জীয়াই থাকিব।' শ্ৰীশ্ৰী উগ্ৰতাৰা দেৱালয়ৰ দলৈ
পৰমেশ্বৰ শৰ্মাই চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানত  বিশিষ্ট চিকিৎসক তথা সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱাই কয় ' সততা, পবিত্ৰতা, আন্তৰিকতা, নিয়মানুবৰ্তিতাৰে উৎসৱ পাৰ্বন অনুষ্ঠিত হ'ব লাগে। শান্তি শৃংখলতাৰে পূজা অনুষ্ঠিত কৰা বাবে পুৰস্কৃত পূজা সমিতি কেইখনক শুভেচ্ছা জনালোঁ।
এই আদৰ্শ সদায় থাকক।'
জ্যোতিৰূপা কলিতাই আঁত ধৰা অনুষ্ঠানত অমৃত চিমেণ্টৰ ব্ৰেণ্ড মেনেজাৰ শুভ্ৰত সেন গুপ্তা, সাংবাদিক ঋতুশ্মিন শৰ্মা আদি উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা