বার্জাৰ পেইণ্টছে আইআইটি গুৱাহাটীৰ সৈতে মিলিত হৈ মুকলি কৰিলে ব্ৰেথ ইজি চেফ ২৪




ষ্টাফ ৰিপ'ৰ্টাৰ,,,,২০ অক্টোবৰ
ভাৰতবৰ্ষৰ আগশাৰীৰ ৰঙৰ কোম্পানী বার্জাৰ পেইণ্টছে সোমাবাৰে উদ্বোধন কৰে ব্ৰেথ ইজি চেফ ২৪, এক পৃষ্ঠ সুৰক্ষিত কৰাৰ বহু গুণসম্পন্ন যন্ত্ৰ যিয়ে পৃষ্ঠক জীৱাণু, বেক্টেৰিয়া আৰু কভিড সদৃশ ভাইৰাছৰ পৰা ২৪ ঘন্টা লৈ সুৰক্ষা প্ৰদান কৰে। মুকলি অনুষ্ঠানত উপস্থিত থাকি ব্যৱস্থাপনা পৰিচালক আৰু মুখ্য কাৰ্যবাহী বিষয়া অভিজিত ৰয়ে কয়"- বাৰ্জাৰ পেইণ্টছে সদায় গ্ৰাহকৰ বাবে উদ্ভাৱনীমূলক সামগ্ৰী উৎপাদনত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। চেফ ২৪ অন্য এক সাক্ষ্য আমাৰ মূল উদ্ভাৱন দৰ্শনৰ। আমি নিশ্চিত যে, চেফ ২৪ এই প্ৰচেষ্টামূলক সময়ত জনসাধাৰণ আৰু চৰকাৰৰ বাবে অতিশয় সহায়ক হ'ব"। প্ৰফেছৰ বিমান বি.মণ্ডলৰ নেতৃত্বত এটি বিজ্ঞানীৰ দলে আইআইটি গুৱাহাটীত এই প্ৰকল্পটি সম্পাদন কৰে। অনুষ্ঠানত প্ৰফেছৰ মণ্ডলে কয়"- চেফ ২৪ অন্যান্য এলকহলযুক্ত ছেনিটাইজাৰতকৈ বেলেগ, যিহেতু ই প্ৰয়োগ কৰা পৃষ্ঠত অধিক সময়লৈকে সক্ৰিয় হৈ থাকিব পাৰে। ই এক সুৰক্ষিত নেনো-ছিলভাৰ আৱৰণ গঠন কৰে যিয়ে অধিক সময়লৈ বেক্টেৰিয়া আৰু ভাইৰাছৰ সৈতে দীর্ঘ সময় ধৰি যুঁজিব পাৰে"। উল্লেখযোগ্য যে, পেণডেমিকৰ এই সময়ছোৱাত বার্জাৰ  পেইণ্টছে কেইবাটাও স্বাস্থ্য জনিত সামগ্রী মুকলি কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা