নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট≈≈এন এছ আৰ একাদশৰ অগ্ৰগতি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৯ অক্টোৱৰঃ নগাবন্ধা মিনি ষ্টেডিয়ামত ইয়ং ষ্টাৰ ক্লাৱ আৰু নগাবন্ধা গ্ৰাম্য আৰ্থ-সামাজিক উন্নয়ন সংঘৰ উদ্যোগত চলি থকা ২২ সংখ্যক সদৌ অসম প্ৰাইজমানি  ক্ৰিকেট প্ৰতিযোগিতাত এন এছ আৰ একাদশে অগ্ৰগতি লাভ কৰিছে । এই প্ৰতিযোগিতাৰ সোমবাৰৰ খেলত এন এছ আৰ একাদশে জাগীৰোডৰ অসম ৰাইন' দলক ছয় উইকেটত পৰাজিত কৰে । খেলখনত অসম ৰাইন' দলে পোনতে বেট ধৰি চানডে বৰাৰ ২৮ আৰু দৰ্পন ডেকাৰ ১৭ ৰাণৰ উল্লেখ্যনীয় অৱদান স্বত্বেও  ১১.৩ অভাৰতে সকলোকেইটা উইকেট হেৰুৱাই  ৭২ ৰাণহে সংগ্ৰহ কৰে। বলিঙত এন এছ আৰ একাদশৰহৈ  হোছেইন আহমেদে চাৰিটা, ৰাজু ডেকা আৰু সাগৰ পাটৰে দুটাকৈ উইকেট পায় । প্ৰত্যুত্তৰত এন এছ আৰ দলটোয়ে বেট ধৰি অপূৰ্ব বৰাৰ ২৮ আৰু আৰিফ আহমেদৰ ২৭ ৰানৰ উল্লেখনীয় বৰঙনিৰে ৯.৫ অভাৰত চাৰিটা উইকেটৰ বিনিময়তে ৭৪ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা