উইংক মিউজিকে প্ৰথম বাৰৰ বাবে ঘোষণা কৰিছে' নৱৰাত্ৰি নাইটছ' অনলাইন সংগীতানুষ্ঠানৰ


ঘৰতে বহি নটা পাৱাৰ পেকৰে লাইভ অনলাইন সংগীত উপভোগ কৰি উদযাপন কৰিব পাৰিব নৱৰাত্ৰি
 
ষ্টাফ ৰিপ'ৰ্টাৰ,,,১৭ অক্টোবৰ:  এয়াৰটেলৰ উইংক মিউজিক(Wynk Music), ভাৰতৰ #১* মিউজিক ষ্ট্ৰীমিং এপ'এ প্ৰথমবাৰ অনলাইন সংগীতানুষ্ঠান 'নৱৰাত্ৰি নাইটছ'ৰ আয়োজন কৰিছে। যি অনুষ্ঠান আয়োজনৰ কথা এয়াৰটেলে ঘোষণা কৰিছে। উৎসৱৰ মুহূৰ্তত আয়োজন কৰা অনলাইন সংগীতানুষ্ঠান ছিৰিজত লাইভ সংগীত পৰিবেশন কৰিব প্ৰখ্যাত সংগীত শিল্পী মিকা সিং, কিঞ্জল দভে, শচীন-জিগাৰকে ধৰি বহু শিল্পীয়ে। বিশেষভাৱে আয়োজন কৰা নৱৰাত্ৰি নাইটছ সংগীতানুষ্ঠান  ১৭-২৫ অক্টোবৰলৈ দৈনিক উইংক মিউজিকত সন্ধিয়া ৭-৮ বজালৈ লাইভ পৰিবেশন হ'ব। ডিজিটেলভাৱে আয়োজন হ'বলগীয়া এই সংগীতানুষ্ঠান গোটেই পৰিয়ালে ঘৰতে বহি গৰ্বা বীটছ আৰু শ্ৰেষ্ঠ গীতৰ আনন্দ ল'ব পাৰিব। নৱৰাত্ৰি নাইটছক উইংক ষ্টেজত আয়োজন কৰা হৈছে। যি উন্নত ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰে লাইভ অনলাইন অনুষ্ঠানত, যাতে একে সময়তে নিযুতৰ সংখ্যাত উপভোক্তাই অংশগ্ৰহণ কৰিব পাৰে। উপভোক্তাই মেছেজৰ জৰিয়তে গীতৰ অনুৰোধ আৰু নিৰ্দিষ্ট সময়ত শিল্পীসকলৰ সৈতে বাৰ্তাও কৰিব পাৰিব।  উইংক ষ্টেজ শিল্পী সকলৰ বাবে এক আশীৰ্বাদস্বৰূপ, কিয়নো ইয়াৰদ্বাৰা শিল্পীসকলে শাৰীৰিক বাধা অতিক্ৰম কৰি তেওঁলোকৰ অনুৰাগীসকলৰ কাষ চাপিব পাৰে। উইংক মিউজিকত নৱৰাত্ৰি নাইটছ সকলোৰে বাবে উপলব্ধ হ'ব। অনা এয়াৰটেল গ্ৰাহকেও ইয়াৰ আনন্দ ল'ব পাৰিব।
কেৱল আনন্দ লাভ কৰিবলৈ উইংক মিউজিক (iOS, Android) ডাউনলোড কৰিব লাগিব। এয়াৰটেল থেঙকছ(Thanks) আৰু উইংক মিউজিক প্ৰিমিয়াম গ্ৰাহকসকলে বিনামূলীয়া প্ৰৱেশাধিকাৰ লাভ কৰিব কিন্তু এয়াৰটেল থেঙকছ নথকা আৰু অনা এয়াৰটেল গ্ৰাহকসকলে ইয়াৰ দ্বাৰা সকলো ৯টা সংগীতানুষ্ঠান লাভ কৰিবলৈ এমাহৰ বাবে মাত্ৰ ২৯ টকাত উইংক প্ৰিমিয়ামত পঞ্জীভূক্ত হ'ব লাগিব। প্ৰথম নিশা ডি জে খুচি থাকিব। পিছত চুপাৰ হিট গীত 'ফেভিক'ল ছে'ৰ সংগীত শিল্পী মমতা শৰ্মা, 'বলম পিছকাৰী' খ্যাত শচীন জিগাৰ, ছালমলী খোলগডে(Shalmali Kholgade)ৰ লগতে পাৰ্থিভ গোহিল, সুক্ৰতী আৰু প্ৰকৃতি কাক্কাৰ, শ্ৰুতি পাঠক, কিঞ্জিল দেবে একেৰাহে গীত পৰিবেশন কৰিব। ২০২০ৰ ২৫ অক্টোবৰত চুপাৰষ্টাৰ মিকা সিঙৰ সৈতে গ্ৰেণ্ড ফিনালে আয়োজন হ'ব।ভাৰতী এয়াৰটেলৰ মুখ্য প্ৰডাক্ট অফিচাৰ আৰু উইংকৰ চিইঅ' আদৰ্শ নায়ৰে এই সন্দৰ্ভত কয় " আমাৰ নতুন উদ্ভাৱন উইংক মিউজিকে  উপভোক্তাক সংগীতৰ আনন্দ দিয়াৰ নিশ্চয়তা দিয়ে। উৎসৱৰ সময়ত যাতে উপভোক্তাই বেজাৰ অনুভৱ নকৰি ঘৰতে সুৰক্ষিত থাকি সংগীতৰ আনন্দ ল'ব পাৰিব। আমি নৱৰাত্ৰি নিশাবোৰ সকলো উপভোক্তাৰ বাবে সুগম কৰাৰ প্ৰয়াস কৰিছোঁ। ইয়াত অনা এয়াৰটেল উপভোক্তাও আছে আৰু  সমগ্ৰ ভাৰতক এই অনুষ্ঠান উদযাপনত আমাৰ সৈতে যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।"

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা