ৰঙিয়া পৌৰসভাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ৰঙিয়া পৌৰসভাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ 
জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালে, প্ৰকাশ কৰিলে ৰঙিয়া পৌৰসভাৰ চুড়ান্ত ভোটাৰ তালিকা 

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ,২০ অক্টোবৰঃ
আগন্তুক পৌৰ নিৰ্বাচনৰ লগত সংগতি ৰাখি ৰাজ্যিক নিৰ্বাচন আয়োগে অসম পৌৰ আইন ১৯৫৬ৰ অধীনৰ ১৪ নং বিধি মতে আজি প্ৰকাশ কৰে চূড়ান্ত ভোটাৰ তালিকা। সেই অনুযায়ী ৰঙিয়া পৌৰভাৰ সাধাৰণ নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰে ৰঙিয়া মহকুমা প্ৰশাসনে। ৰঙিয়াৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভা কক্ষত আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পালে, আই.এ.এচ, আনুষ্ঠানিক ভাবে ৰঙিয়া পৌৰসভাৰ চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰে । সভাত মহকুমাধিপতিয়ে জানিবলৈ দিয়া মতে , ৰঙিয়া পৌৰসভাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২১,১৮৫ গৰাকী। ৰঙিয়া পৌৰসভা খন ৰঙিয়া সমষ্টিৰ আঠটা আৰু কমলপুৰ সমষ্টিৰ দুটা ৱাৰ্ডৰে (৮ নম্বৰ আৰু ১০ নম্বৰ ৱাৰ্ড) মুঠ দহটা ৱাৰ্ডত ২৩ টা ভোট গ্ৰহণ কেন্দ্ৰৰে গঠিত পৌৰসভা। 
ইয়াৰে এক নং ৱাৰ্ডৰ ১৫৮৮ গৰাকী, দুই নং ৱাৰ্ডৰ ২৩৫৫ গৰাকী, তিনি নং ৱাৰ্ডৰ ৩৩৪৩ গৰাকী, চাৰি নং ৱাৰ্ডৰ ১৪১৫ গৰাকী, পাচ নং ৱাৰ্ডৰ ৩৯২৯ গৰাকী, ছয় নং ৱাৰ্ডৰ ২৪০৫ গৰাকী, সাত নং ৱাৰ্ডৰ ২৬১৬ গৰাকী, আঠ নং ৱাৰ্ডৰ ১০৬৮ গৰাকী, ন নং ৱাৰ্ডৰ ১২৪১ গৰাকী আৰু দহ নং ৱাৰ্ডৰ ১২২৫ গৰাকী ভোটাৰক লৈ মুঠ ২১,১৮৫ গৰাকী ভোটাৰ। আনহাতে পুৰুষৰ ভোটাৰৰ সংখ্যা ১০,৫৪৮ জনৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ১০,৬৩৭ গৰাকী ‌। ৰঙিয়া পৌৰসভাৰ প্ৰকাশিত ভোটাৰ তালিকাত  পুৰুষ ভোটাৰতকৈ  মহিলা ভোটাৰৰ সংখ্যা অধিক হোৱাটোৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াত এক ইতিবাচক সঁহাৰি লাভ কৰা বুলি মন্তব্য কৰে মহকুমাধিপতি স্বপ্নীল পালে । ৰঙিয়াৰ পৌৰসভা নিৰ্বাচনৰ দণ্ডাধীশ  চম্পক ডেকাই তালিকাত নাম অন্তৰ্ভুক্তিৰ দাবী, আপত্তি আৰু শুধৰণিৰ আবেদনৰ বাবে প্ৰ-পত্ৰ ২ আৰু ৩ৰ সৈতে ২ কপি পাছপৰ্ট আকাৰৰ ফটো, সম্পৰ্কিত ব্যক্তিৰ নাম সন্নিৱিষ্ট ভোটাৰ তালিকা, বয়স প্ৰমাণৰ বাবে- জন্মৰ প্ৰমাণ পত্ৰ, এইচ এছ এল চিৰ এডমিট কাৰ্ড, ভাৰতীয় পাছপৰ্ট, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ডৰ যিকোনো এবিধ নথি নহ'লে ২১ বছৰৰ ওপৰৰ বুলি ঘোষণা পত্ৰ, বাসস্থানৰ প্ৰমাণৰ বাবে - ভাৰতীয় পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, বেংক বা ডাকঘৰৰ পাছবুক, ৰেছন কাৰ্ড, আয়কৰ বিভাগৰ  নিৰ্দেশপত্ৰ, ভাড়া চুক্তিনামা, পানীৰ বিল, টেলিফোন বিল, বিজুলি বিল, গেছ সংযোগৰ বিলৰ যিকোনো এবিধ নথি আদি পৰীক্ষাৰ অন্তত চূড়ান্ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰা হৈছে বুলি সদৰি কৰে । ভোটাৰ তালিকা প্ৰকাশৰ এই অনুষ্ঠানত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা,গৱেষণা সহকাৰী বিনোদ কুমাৰ ৰহাং, বিশিষ্ট সাংবাদিক তাপস সমাদ্দাৰ, পহৰেদ আলী আহমেদৰ লগতে বিজেপি দলৰ প্ৰতিনিধি সুবল পাল, অগপৰ প্ৰৱল বুজৰবৰুৱা, চিপিআই (এম), বীৰেন শৰ্মা,শৰৎ কলিতা,ভোটাৰ তালিকা প্ৰস্তুতকৰণত কৰ্মৰত কৰ্মচাৰী প্ৰনৱ কলিতা, লৱ কুমাৰ দাস, মনজোল শৰ্মা প্ৰমূখ্যে মহকুমা প্ৰশাসন আৰু ৰঙিয়া পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা