এপ'ল' হাস্পতাল গ্রুপৰ ইণ্ডিয়া মেডট্ৰনিক প্ৰাইভেট লিমিটেডৰ লগত অংশীদাৰীত্ব



 ষ্টাফ ৰিপ'ৰ্টাৰ,,,,৩০ অক্টোবৰ এপ'ল' হাস্পতাল গ্ৰুপে ২৯ অক্টোবৰ( বৃহস্পতিবাৰে)  ইণ্ডিয়া মেডট্ৰনিক প্ৰাইভেট লিমিটেডৰ লগত অংশীদাৰীত্বৰ কথা ঘোষণা কৰিছে। প্ৰথম বাৰৰ বাবে এডভাঞ্চ ষ্ট্ৰ'ক মেনেজমেণ্টৰ বাবে এই অংশীদাৰীত্বৰ কথা ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে আধুনিক প্ৰযুক্তিৰ উন্নয়নৰ বাবে অতি সহজতে আৰু কম সময়ৰ ভিতৰতেই ষ্ট্ৰ'কৰ ডাইগ্নছিষ্ট কৰাত সহায়ক হ'ব। মেডট্ৰনিকে ষ্ট্ৰ'ক টেকনলজিজ প্ৰযুক্তিগত ষ্ট্ৰ'ক মেনেজমেণ্টৰ প্ৰশিক্ষণৰ জৰিয়তে সমগ্র দেশৰ এপ'ল' হাস্পতালত সহযোগ আগবঢ়াব। এই সম্পৰ্কে এপ'ল' হাস্পতাল গ্রুপৰ অধ্যক্ষ ডাঃ পাৰ্থপ চি ৰেড্ডিয়ে কয়"-সমগ্ৰ বিশ্ব জুৰি ষ্ট্ৰ'ক এক মাৰাত্মক ব্যাধি হিচাপে পৰিগণিত হৈছে। বিশ্ব ষ্ট্ৰ'ক  সংস্থাৰ তথ্য অনুসৰি ২৫ বছৰ বয়সৰ একৰ পৰা চাৰি জন লোক ষ্ট্ৰ'কত  ভোগে। ষ্ট্ৰ'ক  এতিয়া মৃত্যুৰ চতুৰ্থ ঘাতক হিচাপে বিবেচিত হৈছে। ভাৰতৰ প্ৰায় ১.৮ মিলিয়ন লোক প্ৰতি বছৰে ষ্ট্ৰ'কত  আক্ৰান্ত হয়। প্ৰথম অৱস্থাত ষ্ট্ৰ'কৰ চিকিৎসা কৰিলে ইয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। ইয়াৰ বাবে ষ্ট্ৰ'কৰ উন্নত মানৰ ডিজিটেল প্ৰযুক্তিত অধিক গুৰুত্ব দিয়া জৰুৰী হৈ পৰিছে। গতিকে আমাৰ এই অংশীদাৰীত্বই ষ্ট্ৰ'ক ৰোগী সকলক সকাহ দিব বুলি আশাবাদী"। এই সন্দৰ্ভত এপ'ল' হাস্পতাল  গ্রুপৰ পৰিচালন সঞ্চালক সুনীতা ৰেড্ডি এপ'ল' হাস্পতালৰ উপাধক্ষ্য পৃথা ৰেড্ডি, মেডট্ৰনিক ইণ্ডিয়ান কণ্টিনেণ্টৰ উপ সভাপতি মদন কৃষাণনে ষ্ট্ৰ'ক ৰোগীৰ সুবিধাৰ্থে এই ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা