জাজৰিত আৰক্ষীৰ আতিশায্যৰ বিৰুদ্ধে গ্ৰামীণ শ্ৰমিক সন্থা আৰু প্ৰগতিশীল নাৰী সন্থা প্ৰতিবাদ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ অক্টোবৰঃ
সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু সদৌ অসম  প্ৰগতিশীল নাৰী সন্থাই বুধবাৰে জাজৰিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আচলতে যোৱা ১৮ অক্টোবৰত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ আগমনত হোৱা উত্তপ্ত পৰিস্থিতিৰ সময়ত আৰক্ষী বাহিনীয়ে গ্ৰামীণ শ্ৰমিক সন্থা আৰু প্ৰগতিশীল নাৰী সন্থাৰ ওপৰত চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰা হয় । এই কাৰ্যসূচীত প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ সম্পাদিকা আয়েফা বেগম উপস্থিত থাকি "সাম্প্ৰদায়িক উচতনি দিয়া, ধৰ্মনিৰপেক্ষতাক আঘাত কৰি দেশৰ সংবিধানক নস্যাৎ কৰিব বিচৰা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ নকৰাৰ বিপৰীতে প্ৰতিবাদী লোকসকলকে গ্ৰেপ্তাৰ কৰা কাৰ্য্যই ৰাজ্যত গণতন্ত্ৰৰ বিপৰীতে হিন্দু সাম্প্ৰদায়িক ফেচীবাদকহে সুৰক্ষিত কৰিছে" বুলি মতপোষণ কৰে। ইফালে, উক্ত ঘটনা সংক্ৰান্তত আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা আফজল খান, আচিক জামাল, টিংকু আহমেদ, মফিদুল ইছলাম, আইনুল হক, বুৰহামউদ্দিন, ৰাজাকে ধৰি আঠ জন লোকক বিনাচৰ্তে মুকলি কৰি দিয়াৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে। আয়েফা বেগম, উমা পাটৰ, মেহৰুণ নেচাকে প্ৰমুখ্য কৰি দুই শতাধিক মহিলাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় বিধায়িকা আঙুৰলতা ডেকাক ঘটনা সন্দৰ্ভত তেখেতৰ স্থিতি ৰাজহুৱা ভাৱে স্পষ্ট কৰিবলৈ দাবী জনাই ৷ অন্যথা ধাৰাবাহিক গণ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা