জামুগুৰিহাটৰ বিশিষ্ট নাট্যশিল্পী বলদেৱ শইকীয়াৰ বাসগৃহত টিম ৰত্নাকৰ

সম্বৰ্ধনা জনালে নাট্যশিল্পীগৰাকীক

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৫ অক্টোবৰ: মই আজি সৌভাগ্যবান কিয়নো সৰুৰেপৰাই মই বলদেৱ শইকীয়াৰ অভিনয় চাইছো আৰু আজি শিল্পীগৰাকীৰ ওচৰত নিজে উপস্থিত হৈ আশীষ গ্ৰহণ কৰিবলৈ পাই  নিজকে ধন্য মানিছো৷এই মহান শিল্পীগৰাকীক আমি জেবি প্ৰডাকচনৰ ফালৰপৰা সম্বৰ্ধনা জনাবলৈ পাই গৌৰৱাম্বিত৷এই মন্তব্য অসমীয়া বোলছবি জগতৰ অভিনেতা যতীন বৰাৰ৷বিশিষ্ট নাট্যশিল্পী,ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ বলিষ্ঠ অভিনেতা জামুগুৰিহাটৰ বলদেৱ শইকীয়াৰ বাসগৃহত উপস্থিত হৈ এইদৰে কয় অভিনেতা যতীন বৰাই৷কালি বিয়লি বিশিষ্ট নাট্যশিল্পী,৬০ৰ দশকৰপৰাই ভ্ৰাম্যমাণ নাট্যজগতত নিজকে বলিষ্ঠ অভিনেতা হিচাপে চিনাকী দিবলৈ সক্ষম হোৱা শোণিতকোঁৱৰ গজেন বৰুৱাৰ ওপজা গাঁও ডেকাসুন্দৰৰ বলদেৱ শইকীয়াৰ বাসগৃহত সপত্নীক আহি উপস্থিত হয়হি অভিনেতা যতীন বৰা সহিতে টিম ৰত্নাকৰ৷অভিনেতা যতীন বৰাসহ টিম ৰত্নাকৰৰ কলা কুশলীসকল বিশিষ্ট নাট্যশিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ নাট্যশিল্পী গৰাকীক সম্বৰ্ধনা জনাই৷বিয়লি ৫ বজাত আহি উপস্থিত হোৱা জেবি প্ৰডাকচনৰ কলা কুশলীসকলে নাট্যশিল্পী গৰাকীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে শিল্পীগৰাকীৰ বাসগৃহত এখন সভাও অনুষ্ঠিত হয়৷সভাত জেবি প্ৰডাকচনৰ হৈ অভিনেতা যতীন বৰাই ৰত্নাকৰ বোলছবিখনৰ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ৰাজ্যৰ ৩৩খন জিলাৰ নবীন প্ৰবীন শিল্পীসকলক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা হাতত লোৱাৰ কথা ব্যক্ত কৰাৰ লগতে অভিনয় জগত,লোকবাদ্যৰ লগত জড়িত শিল্পী,ভাস্কৰ্য শিল্পী তথা মৃৎশিল্পী সকলক  তেঁওলোকৰ কৰ্মৰ স্বীকৃতিস্বৰূপে এনেধৰণে সম্বৰ্ধনা জনোৱাৰ এক কাৰ্যসুচী হাতত লোৱাৰ কথা উল্লেখ কৰে অভিনেতাগৰাকীয়ে৷ইয়াৰোপৰি শিল্পীসকলক এনেদৰে সম্বৰ্ধনা জনোৱাৰ এই কাৰ্যসুচীয়ে তেঁওলোকক অনুপ্ৰেৰণা যোগোৱাৰ লগতে কাম কৰি যোৱাৰ দিশত উৎসাহ যোগাব বুলিও উল্লেখ কৰে অভিনেতাগৰাকীয়ে৷গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানটিত জেবি প্ৰডাকচনৰ ফালৰপৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ বলিষ্ঠ অভিনেতা তথা বৰ্তমান ৰোগাগ্ৰস্ত তথা বাকৰুদ্ধ হৈ পৰা বলদেৱ শইকীয়াক গামোছা,জাপি,শৰাই,প্ৰশস্তিপত্ৰ আৰু আৰ্থিক অনুদানেৰে সম্বৰ্ধনা জনাই৷জামুগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰী শিক্ষক নাৰায়ন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত আৰু ডেকাসুন্দৰ যুৱক সংঘৰ সভাপতি হিৰণ্য হাজৰিকাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে শিক্ষক বিকাশ বৰাই৷উল্লেখ্য যে "শিল্পী পেঞ্চন'প্ৰাপ্ত প্ৰবীণ অভিনেতা গৰাকীয়ে বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ইতিমধ্যে মুনলাইত মিডিয়া বঁটা,অসম নাট্য সন্মিলন বঁটা,উগ্ৰ মেনা বঁটাও লাভ কৰাৰ লগতে চলিত বৰ্ষতেই গিয়াচুদ্দিন আহমেদ স্মাৰক বঁটা ২০২০ ও লাভ কৰিছিল৷প্ৰণিধানযোগ্য যে ১৯৩২ চনত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত জন্ম গ্ৰহণ কৰা বলদেৱ শইকীয়াই 'নিৰ্বাসন' নামৰ নাটকত অভিনয়ৰ যোগেদি অভিনয় জগতত খোজ পেলাই আৰু ১৯৬৩ চনত ভ্ৰাম্যমাণৰ জনক অচ্যুত লহকৰ প্ৰযোজিত নটৰাজ থিয়েটাৰৰ যোগেদি পেছাদাৰী অভিনয়ৰ পাতনি মেলিছিল আৰু দুশখনৰো অধিক নাটকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল৷ জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা