বঙাইগাঁৱত ভূমিহীন খিলঞ্জীয়া হিতাধীকাৰিক আনুষ্ঠানিকভাৱে ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ

বঙাইগাঁওঃ ৫ অক্টোবৰঃ আজি ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো জিলাখনৰ ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীৰ মাজত ভূমি পট্টা আৰু আৱণ্টন পত্র বিতৰণ কৰা হয় ৷ এই উদ্দেশ্যে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত ভূমি পট্টা আৰু আবণ্টন পত্র বিতৰণ অনুষ্ঠানত অসম  চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা তথা পেঞ্চন বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰীৰ উপস্থিতিত তথা জিলা উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মী প্ৰিয়াৰ উপস্থিতিত জিলাখনৰ সৰ্বমুঠ ১,২২৮ গৰাকী ভূমিহীন খিলঞ্জীয়াৰ ভিতৰত পাঁচটা ৰাজহ চক্ৰ ক্ৰমে- বঙাইগাঁও, সৃজনগ্ৰাম, ডাংতল, মাণিকপুৰ আৰু বইটামাৰীৰ মুঠ ৫২ গৰাকী হিতাধীকাৰীক আনুষ্ঠানিক ভাৱে ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰা হয় ৷ বাকী ১,১৭৬ গৰাকী হিতাধিকাৰীয়ে এই ভূমি পট্টা আৰু আৱণ্টন পত্ৰ নিজ নিজ ঠাইৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা  গ্ৰহণ কৰিব পাৰিব। ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ অনুষ্ঠানত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল , জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা, জিলা বিজেপিৰ সভানেত্রী হিমানী অধিকাৰী, বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় সিংহ , উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি কমল বৰুৱাৰ লগতে জিলাখনৰ আটাইকেইটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল, অন্যান্য বিষয়া-বৰ্গ আৰু হিতাধিকাৰীসকল উপস্থিত থাকে ।


প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা