বিশ্ব হিন্দু মহাসংঘৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন। প্ৰলোভন, ভাবুকি প্ৰদান, ধৰ্মান্তকৰণৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী

বিশ্ব হিন্দু মহাসংঘৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন। প্ৰলোভন, ভাবুকি প্ৰদান, ধৰ্মান্তকৰণৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী ।

পঙ্কজ নাথ, চাংসাৰি, ১৪ অক্টোবৰ :

বিশ্ব হিন্দু মহাসংঘৰ অসম ৰাজ্যিক সমিতিৰ প্ৰথম কাৰ্য্যনিৰ্বাহক সভাখন আজি ১৪ অক্টোবৰত গুৱাহাটী সুন্দৰপুৰস্হিত কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় । অতি গুৰুত্বপূৰ্ণ এই কাৰ্য্যনিৰ্বাহক সভাখনত বিশ্ব হিন্দু মহাসংঘৰ , অসম ৰাজ্যিক সমিতিৰ সভাপতি দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ মহাপ্ৰভু শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামীয়ে সঞ্চালনা কৰে। বিশ্ব হিন্দু মহা সংঘ, অসমৰ সম্পাদক বলেন বৈশ্যই উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে। আধ্যাত্মিক পৰিবেশত অনুষ্ঠিত সভাত অসমৰ বিভিন্ন প্ৰান্তৰ হিন্দু দল সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰাৰ লগতে হিন্দুসকলে নিজৰ ভূমিতে ধৰ্ষিতা, প্ৰলোভন, ভাবুকিৰে ধৰ্মান্তকৰণ, ধৰ্মানুষ্ঠানৰ ভূমি বেদখল আদি সমস্যাৰ বাবে হিন্দু সকল শংকিত বুলি আবেগভৰা বক্তব্য দাঙি ধৰে । সভাত সৰ্ব সন্মতিক্ৰমে হিন্দুসকলক সুৰক্ষিত কৰাৰ বাবে কেইবাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ সভাৰ উল্লেখনীয়  প্ৰস্তাৱসমূহৰ ভিতৰত অন্যতম আছিল প্ৰলোভন আৰু ভাবুকিৰে কৰা ধৰ্মান্তকৰণৰ বিৰুদ্ধে আইন প্ৰণয়নৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনোৱা । কোৱাইকটাৰ পৰা মানকাচাৰৰ কামাখ্যাধামলৈ সকলো ধৰ্মানুষ্ঠানৰ ভূমি বেদখল মুক্ত কৰা, হিন্দুৰ সকলো উপসনা স্হান সুৰক্ষিত কৰা, মাজুলীৰ দৃশ্যপট আইন ২০০৬ অতি শীঘ্ৰেই গৃহিত কৰি তোলা। সম-নাগৰিকত্ব আইন প্ৰণয়ন কৰা, শ্বৰীয়ত আইন অসম ভাৰতত বাতিল কৰা এই দাবী সমূহ ক্ষীপ্ৰতাৰে পূৰণ কৰাৰ বাবে অসম তথা ভাৰত চৰকাৰক দাবী জনায় আজিৰ সভাতেই ।
সভাত সভাপতি দক্ষিণপাট গৃহাশ্ৰমী
সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামীদেৱৰ হিন্দু ধৰ্ম ৰক্ষাৰ বাবে সংকল্পবদ্ধ হবলৈ আহ্বান জনায়। ইয়াৰ লগতে ধৰ্ম ৰক্ষাৰ বাবে সকলো পন্থাই গ্ৰহনযোগ্য বুলি মন্তব্য আগবঢ়াই। সভাত সম্পাদক বলেন বৈশ্যই কাৰ্যকৰ্তা  নিৰ্মাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি  প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব বুলি জানিবলৈ দিছে। লগতে কৰ্মকৰ্তাসকলে বিশ্ব হিন্দু মহাসংঘৰ মহান উদ্দেশ্যৰ বিষয়ে যাতে প্ৰতিজন হিন্দুৱে  অৱগত হয় তাৰ বাবে কাম কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে। সভাত নগাঁও জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামী, অসম সত্ৰ মহাসভাৰ নলবাৰী জিলাৰ সাধাৰণ সম্পাদক বিমল ৰায় মেধি, দেৰগাঁও সত্ৰৰ সুমিত্ৰ গোস্বামী, ওদালগুৰি সত্ৰৰ তীৰ্থ ৰঞ্জন গোস্বামী প্ৰমূখ্যে বিশিষ্ট ব্যক্তিসকলে হিন্দুসকলৰ উত্থানৰ বাবে ব্যক্তব্য আগবঢ়াই। 
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ নেতৃত্বত গঠন হোৱা বিশ্ব হিন্দু মহা সংঘ  ৰাষ্ট্ৰসংঘৰ পৰা মান্যতাপ্ৰাপ্ত একমাত্ৰ হিন্দু সংগঠন।বিশ্ব হিন্দু মহা সংঘ অসম শাখাৰ   ৰাজ্যিক সমিতিখন সম্প্ৰসাৰণ কৰি ৩১ জনীয়া পূৰ্ণাঙ্গ সমিতি গঠন কৰা হৈছে। মাজুলী দক্ষিণপাট গৃহাশ্ৰমী সত্ৰ সত্ৰাধিকাৰ  শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামীক সভাপতি, বলেন বৈশ্যক (গুৱাহাটী) সাধাৰণ সম্পাদক , সহ সাঃসম্পাদক হিচাপে সৌমিত্ৰ গোস্বামী (মাজুলী), 
মূখ্য সাংগঠনিক সম্পাদক হিচাপে বিশ্বজিৎ গোস্বামী (মৰিগাঁও), 
সাংগঠনিক সম্পাদক হিচাপে 
মনিকুমাৰ নেৱাৰ (মাজুলী), 
বিকাশ বৰদলৈ (মৰিগাঁও) ,
মিলন নাথক (বঙাইগাঁও), 
বিমল ৰায় মেধিক (নলবাৰী) 
সাংস্কৃতিক সম্পাদক হিচাপে , তীৰ্থ ৰঞ্জন গোস্বামী (বামুণ্ডীসত্ৰ), 

নিতীশ ৰঞ্জন দাসক বিত্ত সম্পাদক হিচাপে , মুকুটেশ্বৰ গোস্বামীক (গুৱাহাটী) প্ৰচাৰ সম্পাদক তথা 
সহ প্ৰচাৰ সম্পাদক হিচাপে বিজু কুমাৰ শৰ্মাক (যোৰহাট) দায়িত্বৰ দিয়া হৈছে। লগতে প্ৰতিখন জিলাতে ২১ জনীয়া সমিতি, আঞ্চলিক পৰ্যায়ত ১৭ জনীয়া সমিতি গঠন কৰাৰ বাবে সভাপতি সম্পাদক দ্বয়ৰ হাতত দায়িত্ব অৰ্পণ কৰে।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা