বেবেজীয়াত খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ ম'বাইল প্ৰশিক্ষণ কাৰ্য্যসুচী সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ,২০ অক্টোৱৰ:  নগাঁও জিলাৰ সমাজ কল্যান বিভাগৰ খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ বেবেজীয়া আৰু শেনচোৱা অঞ্চলৰ অংগনবাদী কৰ্মীসকলৰ বেবেজীয়া চাৰিআলিৰ সমীপতে থকা বেবেজীয়া প্ৰাথমিক বিদ্যালয়ত সপ্তাহযোৰা কাৰ্য্যসুচীৰে অনুষ্ঠিত হোৱা ম'বাইল প্ৰশিক্ষন কাৰ্য্যসুচীৰ মঙলবাৰে সামৰণি পৰে। উল্লেখ্য যে, ম'বাইল প্ৰশিক্ষণ কেন্দ্ৰৰ সামৰণি অনুষ্ঠানত কুইজ, দিহানাম, বিহুগীত প্ৰদৰ্শন, নাটক আৰু গীত মাতেৰে বিদ্যালয় প্ৰাঙ্গন মুখৰিত হৈ পৰে। খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা ৰশ্মি ৰেখা শইকীয়া আৰু জোন্টি হাজৰিকাই ম'বাইল প্ৰশিক্ষন প্ৰদানৰ পাছত সামৰণি অনুষ্ঠানত অংগনবাদী কৰ্মী ক্ৰমে নিপা শৰ্মাৰ নেতৃত্বত দিহা নাম, নিজু ডেকাৰ নেতৃত্বত বিহু গীত পৰিৱেশন , অঞ্জলি দাসে ৰাভা সংগীত, জ্ঞানদা দেৱী আৰু হৰিপ্ৰিয়া দেৱীয়ে পৌৰাণিক গীত পৰিৱেশন কৰে। মুখ্য সেৱিকা জোন্টি হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক দেৱজিৎ হাজৰিকাই কুইজ অনুষ্ঠানটি পৰিচালিত কৰাৰ লগতে অন্য অনুষ্ঠান সমুহৰো বিচাৰকৰ আসন অলংকৃত কৰে। বেবেজীয়া আৰু শেনচোৱা চাৰ্কোলৰ অংগনবাদী কৰ্মীসকলে ম'বাইল প্ৰশিক্ষন কাৰ্য্যসুচীত অংশগ্ৰহন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান সমুহতো  ভাগ লৈ  অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তোলে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা