গুৱাহাটীৰ এপ'ল' হাস্পতালত চিনিয়ৰ চিটিজেন কেয়াৰ কৰ্য্যক্ৰমৰ আৰম্ভণি




ষ্টাফ ৰিপ'ৰ্টাৰ,,২০ অক্টোবৰ
এপ'ল' হাস্পতালে মঙলবাৰে ইয়াৰ নিজা চিনিয়ৰ চিটিজেন কেয়াৰ প্ৰগ্ৰাম'ৰ শুভাৰম্ভ কৰে। এই কাৰ্য্যক্ৰমৰ অধীনত প্ৰত্যেক জন জ্যেষ্ঠ নাগৰিকে হাস্পতাল খনৰ তৰফৰ পৰা বিশেষ সুবিধা লাভ কৰিব। সমাজৰ ৬০ বৰ্ষৰ উৰ্দ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকে এপ'ল' হস্পতাল আৰু এপ'ল' মেডিকেল চেণ্টাৰৰ পৰা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সুবিধা সমূহ লাভ কৰিব।' চিনিয়ৰ চিটিজেন কেয়াৰ প্ৰগ্ৰাম'ৰ অধীনত, গুৱাহাটীৰ এপ'ল' হাস্পতালে স্বাস্থ্যসেৱা যেনে এপ'ল' স্বাস্থ্য পৰীক্ষা, লেব'ৰেটৰী ৰেডিঅ'ল'জী পৰীক্ষা-নিৰীক্ষা আদিত বিশেষ ৰেহাই প্ৰদান কৰিব। তদুপৰি হাস্পতাল খনে ঘৰৰপৰা ৰক্ত নমুনা সংগ্ৰহ, ৰোগীৰ ঘৰলৈ ঔষধ পাতি যোগান আৰু জৰুৰীকালীন সময়ত গুৱাহাটী মহানগৰৰ ভিতৰত এম্বুলেন্স সেৱা বিনামূলীয়া ভাৱে প্ৰদান কৰিব। এই সেৱা অতি শীঘ্ৰেই কৰ্য্যকাৰী হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা