নীট’ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়ালে নিকুয়ে


নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৪ অক্টোবৰঃ শৈক্ষিক ক্ষেত্ৰখনৰ মেধাৰ প্ৰতিযোগিতাত সাফল্যৰ কীৰ্তি স্থাপন কৰি অসমক উজলাই তোলা অসম সন্তান সকলৰ অন্যতম এগৰাকী তীক্ষ্ণধী ছাত্ৰ হ’ল মৰিগাঁও জিলাৰ তেলাহীৰ হীৰা গাঁৱৰ নিকু গগৈ ৷ সদ্যঘোষিত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা অন্যতম সৰ্বভাৰতীয় প্ৰবেশ পৰীক্ষা নীট-২০২০ৰ ফলাফলত মেধাৱী ছাত্ৰ নিকু গগৈ উজলি উঠাৰ লগতে জনমভূমি গাঁওখনৰ উপৰি সমগ্ৰ জিলাখনকে গৌৰাম্বিত কৰি তুলিছে ৷ লাজুক আৰু বিনয়ী স্বভাৱৰ ছাত্ৰ নিকুয়ে নিৰ্ধাৰিত ৭২০ নম্বৰৰ ভিতৰত ৬০২ নম্বৰ লাভ কৰি নিজৰ শৈক্ষিক প্ৰতিভাৰ বিৰল পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নিকুৰ এই আশাব্যঞ্জক ফলাফলত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ দিলীপ বৰা প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰী সকল উৎফুল্লিত হৈ পৰিছে ৷  উল্লেখ্য যে, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ নিকু গগৈয়ে ২০১৯ চনৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ডিষ্টিংচন সহ ৯১ শতাংশ নম্বৰ প্ৰাপ্তিৰে উত্তীৰ্ণ হৈছিল ৷ নিজৰ একাণপতীয়া চেষ্টা, একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত নীট পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৬০২ নম্বৰ লাভ কৰি নিজৰ লগতে আপোন ঘৰখন, নিজে অধ্যয়ন কৰি যোৱা শিক্ষানুষ্ঠান, নিজৰ অঞ্চল তথা আত্মীয়-স্বজনক ধন্য কৰি তুলিবলৈ সক্ষম হৈছে ৷ সেয়ে মেধা সম্পন্ন নিকুৰ এনে সাফল্যত পিতৃ মহেশ্বৰ গগৈ আৰু মাতৃ ৰেণু গগৈয়ে আনন্দৰ চকুলোৰে পুত্ৰৰ সাফল্যই তেওঁলোকৰ জীৱন ধন্য কৰা বুলি মত প্ৰকাশেৰে পৰৱৰ্তী জীৱন কালত ভাল মানুহ হৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এতিয়া ৰাইজৰ আশীৰ্বাদ  কামনা কৰিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা