মোদী চৰকাৰৰ "বেটি বাচাও বেটি পঢ়াও" শ্লোগান ধোঁৱাচাঙত - অসম সংগ্ৰামী মহিলা মঞ্চ




ষ্টাফৰিপৰ্টাৰ, ৬ অক্টোবৰ  :  সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন অঞ্চলত ধাৰাবাহিক ৰূপত সংঘটিত জঘন্য ধৰ্ষণৰ ঘটনাৰ ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া, ইয়াৰ লগতে ধৰ্ষণ-নিৰ্যাতন আদি বিষয়বোৰক সামৰি দেশত কঠোৰতকৈ কঠোৰতম আইন প্ৰণয়ন কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰা,ক্ৰমবৰ্ধমান নাৰী নিৰ্যাতন বন্ধ কৰা, নাৰীজনিত অপৰাধ ৰোধ কৰা আদি দাবীক লৈ অসম সংগ্ৰামী মহিলা মঞ্চ আৰু অগ্ৰণী মহিলা মঞ্চই যৌথভাৱে মঙলবাৰে গুৱাহাটীৰ চচলত  তিনিঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদস্থলীত প্ৰায় অৰ্ধশতাধিক মহিলা উপস্থিত থাকি 'নাৰীক সন্মানৰ দৃষ্টিৰে চাবলৈ শিকক', 'পুলিচ- প্ৰশাসন নিকা কৰক','ধৰ্ষণকাৰীক ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি শাস্তি দিয়ক','বলাৎকাৰীক অনতিপলমে ফাঁচী দিয়ক', বিজেপি ৰ 'বেটি বাচাও বেটি পঢ়াও' নীতি এয়াই নেকি?','মহিলা সাংবাদিকক নিৰ্যাতন কৰা বন্ধ কৰক','সংবাদ মাধ্যমৰ মুখ বন্ধ কৰা নচলিব' শীৰ্ষক আদি প্লেকাৰ্ড লৈ  বিজেপি চৰকাৰক সকিয়াই বিভিন্ন শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম সংগ্ৰামী মহিলা মঞ্চৰ সভানেত্ৰী তাপস্ৰী নবিছ, সাধাৰণ সম্পাদিকা শান্তনা বৈশ্য বৰ্মন, মামনি চৌধুৰী,য়েছমিন চুলতানা,ৰাখী লাংথাছা আৰু অগ্ৰণী মহিলা মঞ্চৰ সভানেত্ৰী জেনিফাৰ হুছেইন, সাধাৰণ সম্পাদিকা কৃষ্ণা শৰ্মাকে ধৰি কেইবাগৰাকীও নেত্ৰী স্থানীয় ব্যক্তি উপস্থিত থাকে। উক্ত কাৰ্যসূচীত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ নেতৃত্বও অংশগ্ৰহণ কৰি কাৰ্যসূচীটোলৈ সমৰ্থন আগবঢ়ায়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা