ইনটাচ্ ত আইফোন ১২- ,প্ৰি-,বুক কৰি গ্ৰাহকে লাভ কৰিব ৩০০০ টকাৰ ভাউচাৰ


ষ্টাফ ৰিপ'ৰ্টাৰ,,,,,মঙলবাৰে নিশা কেলিফ'ৰ্ণিয়াত এক অনুষ্ঠানৰ যোগেদি এপ'লৰ নতুন আইফোন ১২  মুকলি কৰা হয়। অতি সোনকালে ই ভাৰতৰ লগতে গুৱাহাটীতো প্ৰিমিয়াম স্মার্টফোনৰ পূৰ্ব বুকিঙৰ বাবে উপলব্ধ হ'ব। কেৱল মহানগৰীৰ উলুবাৰী আৰু পল্টন বজাৰত অৱস্থিত ইনটাচ্ আউটলেটত এই সুবিধা উপলব্ধ হ'ব। এই সন্দৰ্ভত ইনটাচৰ স্বত্বাধিকাৰী পংকজ সুৰানাই কয়"-আইফোন ১২ ৰ প্ৰতিটো প্রি বুকিঙৰ বাবে গ্ৰাহকে ৩০০০ টকাৰ ভাউচাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে মোবাইলটো যোগান দিয়াৰ সময়ত গ্ৰাহক সকলে এক উপহাৰ লাভ কৰিব। তেওঁ লগতে কয়"- ভাৰতৰ ক্ৰমে ৬৯,৯০০ আৰু ৭৯.৯০০ টকাৰ আৰম্ভণি এম-আৰপিত আইফোন ১২ আৰু আইফোন ১২ মিনি ৬৪ জিবি ১২৮ জিবি আৰু ২৫৬ জিবি ভেৰিয়েন্টত উপলব্ধ হ'ব। ১,১৯,৯০০ টকা আৰু ১,২৯,৯০০ টকাৰ আৰম্ভণি এম.আৰ.পিত ১২৮ জিবি আৰু ২৫৬ জিবি আৰু ৫১২ জিবি ভেৰীয়েন্টত আইফোন ১২ 'প্ৰো আৰু আইফোন ১২ আৰু প্ৰো মে' উপলব্ধ হ'ব"। উল্লেখযোগ্য যে, এই সকলোবোৰ মডেল বিভিন্ন ৰঙত উপলব্ধ হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা