নব্য সৃষ্টিৰ লক্ষ্য আৰু উদ্দেশ্যৰে বোকাখাতত "কাঁচিয়লি"ৰ শুভ উন্মোচন

কাজিৰঙা, ২৬ অক্টোবৰঃ বিশ্বায়নৰ ধামখুমীয়াত যি সময়ত উঠি অহা প্ৰজন্মক যান্ত্ৰিকতাৰ পিনে ধাৱমান কৰিছে ঠিক তেনে সময়তে এজাক যুৱক-যুৱতীৰ প্ৰচেষ্টাত বোকাখাতত জন্ম লৈছে এখন আলোচনীৰ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা কবি-সাংবাদিক পলিমা চেতিয়া বসুমতাৰীৰ সম্পাদনাত জন্ম লোৱা কাঁচিয়লি নামৰ আলোচনীখনি যোৱা ২৫ অক্টোবৰত উন্মোচন কৰা হয়৷ বোকাখাত মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ত কাঁচিয়লি উন্মোচন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষক, সাংবাদিক পবিত্ৰ বৰবৰাই৷ উন্মোচনী সভাত বন্তি প্ৰজ্বালন কৰি জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতাই কয় যে বিশ্বায়নৰ বিভিন্ন সামগ্ৰীৰ স’তে ব্যস্ত থকাৰ বিপৰীতে যুৱ প্ৰজন্মৰ প্ৰতিনিধি সকলে গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত আগবাঢ়ি অহাটো সমাজৰ বাবেই শুভ লক্ষণ৷ তেখেতে কাঁচিয়লিৰ সম্পাদক পলিমা চেতিয়া বসুমতাৰীৰ বোকাখাতৰ সমাজ-সাহিত্যৰ বাবে কৰি অহা কচৰতৰ প্ৰশংসা কৰে৷ আনহাতে, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতাই লগতে কয় যে সমাজ জীৱনৰে সংপৃক্ত হোৱা প্ৰতিটো বিষয় অতি সুক্ষ্মভাৱে কলমৰ নিবেৰে লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত সাংবাদিক পলিমা চেতিয়া বসুমতাৰীয়ে অহৰহভাৱে প্ৰয়াস কৰাৰ সমান্তৰালভাৱে উঠি অহা প্ৰজন্মক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টা প্ৰশংসনীয়৷ যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰি কয় যে কৰ’ণা মহামাৰীয়ে মানৱ সমাজলৈ চৰম ভাবুকি কঢ়িয়াই আনিলেও মানুহে পাহৰিব ধৰা বিভিন্ন অভ্যাস নতুনকৈ গঢ় লোৱাত পৃথিৱীখন উজ্জীৱিত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ নব্য নতুন সৃষ্টিৰ মাজেৰে অসুখীয়া পৃথিৱীলৈ এক সুস্থ পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো পক্ষ একত্ৰিত হোৱাটো অত্যন্ত জৰুৰী৷ আনহাতে, 'চম্পাৱতী নেখেদিবি তই বতা চৰাই', 'নাৰী যেতিয়া নিসংগ হয়' 'বঙহৰ দেউ' নামৰ তিনিখন একক কাব্যগ্ৰন্থ আৰু 'কাব্যশিল্প' নামৰ যুটীয়া গ্ৰন্থৰ প্ৰণেতা পলিমা চেতিয়া বসুমতাৰীৰ পূৰ্বৰ সৃষ্টিয়ে ইতিমধ্যেই অসমীয়া সাহিত্য জগতত এক সুকীয়া স্থান দখল কৰাৰ কথাও উল্লেখ কৰে সাংবাদিক সাহাই৷ আনহাতে, বিশ্বায়নে পৃথিৱীখনক দ্ৰুত গতিত সলনি কৰাৰ ফলত যি ধৰণে বিভিন্ন ক্ষেত্ৰত উত্তৰণ ঘটিছে সমান্তৰালভাৱে এই ধামখুমীয়াই মানুহৰ মনবোৰ দুৰ্ভাগ্যজনকভাৱে সংকুচিত কৰি অহাৰ সময়তে সুস্থ সমাজ এখনৰ স্বাৰ্থত কাঁচিয়লিৰ আত্মপ্ৰকাশ এক ভাল বতৰা বুলি উল্লেখ কৰে সাংবাদিক সাহাই৷ উল্লেখ্য যে ২০১৮ বৰ্ষৰ ১২ আগষ্টত কাঁচিয়লি নামৰ এটি সংগঠনৰ জন্ম হৈছিল বোকাখাতত৷ পলিমা চেতিয়া বসুমতাৰীৰ নেতৃত্বত ৰূপম, দুলন,দৃষ্টিৰূপা,পল্লবী,ঈপ্সিতা,এনিশা, জিলমিল, কনক,হিমাঞ্চল, প্ৰবালহঁতৰ দৰে উঠি অহা প্ৰজন্মৰ প্ৰতিনিধি সকলৰ সহযোগিতাত জন্ম গ্ৰহণ কৰিয়েই বোকাখাতৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে সহযোগ আগবঢ়ায়৷ দুবছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰি তিনিমহীয়া কাঁচিয়লি নামৰ আলোচনীখনৰ জন্ম দিয়ে৷ কাঁচিয়লি উন্মোচন কৰি সাহিত্যক পবিত্ৰ বৰবৰাই কয় যে নিজৰ সীমাহীন ব্যস্ততাৰ মাজতো সাংবাদিকতাৰ সমান্তৰালভাৱে নিৰলসভাৱে কাব্য চৰ্চাত মনোনিবেশ কৰা পলিমা চেতিয়া বসুমতাৰীৰ নিষ্ঠা আৰু দক্ষতাৰ বাবেই এজাক তৰুণৰ কচৰতৰ ফচল কাঁচিয়লিয়ে জন্ম লাভ কৰিবৰ সক্ষম হৈছে৷ তেখেতে লগতে কয় যে কৰ'ণাকালৰ দৰে মানৱ সভ্যতাই সন্মুখীন হোৱা চূড়ান্ত ভাবুকিৰ সময়তো এনেবোৰ সৃষ্টিশীল কৰ্ম আৰু অনুষ্ঠানে জীৱনক পুনৰাই স্পন্দিত কৰিব৷ সাহিত্য-সাংস্কৃতিক দিশত আগবঢ়া বোকাখাতৰ বৌদ্ধিক সমাজত এক নব্য সংযোজন কাঁচিয়লিয়ে এক শুভ বাৰ্তাৰ বাহক হিচাপে চিহ্নিত হ'ব বুলিও তেখেতে মন্তব্য কৰে৷ আনহাতে, অসমীয়া ভাষা-সাহিত্য জীয়াই ৰখাৰ ক্ষেত্ৰত বানান আৰু আখৰ জোঁটনিৰ ভূমিকা গুৰুত্ব অধিক বুলি উল্লেখ কৰি আলোচনীখনৰ যোগেদি সেই ধাৰা অব্যাহত ৰখাৰ পোষকতা কৰে৷ জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই বিভিন্ন অপশক্তিৰ বাবে সম্প্ৰতি গণতন্ত্ৰৰ প্ৰতি অহা ভাবুকিক প্ৰত্যাহ্বান জনাই সকলোকে জনগণৰ স্বাৰ্থত কৰ্ম সম্পাদন কৰিবলৈ আহ্বান জনায়৷ তদুপৰি, এখন আলোচনীৰ বাবে কিমান বেছি কচৰত কৰিব লাগে সেই কথা দোহাৰি সমাজৰ উত্তৰণৰ বাবে এনেধৰণৰ সৃষ্টি কৰ্মত মনোনিৱেশ কৰিবলৈ উঠি অহা প্ৰজন্মক আহ্বান জনায়৷ অনুষ্ঠানত ৰাজ্যিক বঁটাপ্ৰাপ্ত অৱসৰী শিক্ষক, সাহিত্যক নিজৰা বৰঠাকুৰে বিভিন্ন কাৰকৰ ফলত সম্প্ৰতি আৰম্ভ হোৱা সমাজৰ ক্ষয়িষ্ণু অৱস্থাতো বিভিন্ন গৰাকী লোকে বিভিন্ন সৃষ্টিৰে সুস্থিৰ পৰিৱেশ বৰ্তাই ৰাখিবৰ স্বাৰ্থত কাঁচিয়লিৰ ভূমিষ্ঠ এক গুৰুত্বপূৰ্ণ দিশ বুলি উল্লেখ কৰে৷ অনুষ্ঠানত কাঁচিয়লিৰ সম্পাদক পলিমা চেতিয়া বসুমতাৰীয়ে আলোচনীখনৰ জন্ম লগ্ন সম্বন্ধে নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে লেখিকা কল্পনা চেতিয়া,মিনতি দলে,মনালিছা শইকীয়া, ভিক্টোৰিয়া প্ৰিয়ম,ননী নাথ, দৃষ্টিৰূপা বৰদলৈ, ঈপ্সিতা দত্ত, তৰুণ তীৰ্থ, ৰূপম কলিতা আদিয়ে বক্তব্য ৰাখে৷ অনুষ্ঠানত ৰঞ্জিত কলিতাৰ নেতৃত্বত গৌৰৱ আৰু মঞ্জিতে  কামৰূপীয়া লোকগীত পৰিৱেশন কৰাৰ লগতে সাংবাদিক ৰঞ্জিত ৰজক, প্ৰতীক্ষা শৰ্মা আৰু ৰক্তিম নাথে গীত পৰিৱেশন কৰে ৷ আলোচনী উন্মোচনী অনুষ্ঠানৰ পাছতে কবিতাৰ পাঠৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ ৰিজু বৰা হাজৰিকা,গীতিৰেখা দত্ত,লোকপ্ৰিয়া,পূজা ভৰদ্বাজকে ধৰি বহুকেইজন লোকে কবিতা পাঠ কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা