নগাঁৱত আগন্তুক শাৰদীয় দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত নিৰ্দেশনা জিলা দণ্ডাধীশৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ অক্টোবৰঃ- বৰ্তমান সময়ত কৰ'না মহামাৰীৰ ভয়াবহতা আৰু ইয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ জিলা দণ্ডাধীশে এক আদেশযোগে আগন্তুক শাৰদীয় দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সকলো পূজা কমিটিয়ে ক’ভিড প্ৰট'কল অনুসৰি পূজা অনুষ্ঠিত কৰিব লাগিব। সেই অনুসৰি সকলো পূজা কমিটিয়ে আয়োজক , পুৰোহিত আৰু স্বেচ্ছাসেৱক সকলৰ ক’ভিড পৰীক্ষা নিশ্চিত কৰিব লাগিব আৰু তেওঁলোকে যুটীয়া সঞ্চালক, স্বাস্থ্য সেৱা কাৰ্য্যালয়ৰ লগত যোগাযোগ কৰি অহা ১২, ১৩ আৰু ১৪ অক্টোবৰৰ ভিতৰত সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰত ৰেপিড এন্টিজেন টেষ্ট সমাপন কৰিব লাগিব। যি পূজা কমিটি সমূহে এই পৰীক্ষা সমাপন নকৰিব, তেনে কমিটিক পূজা অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰা নহব। পূজা কমিটি সমূহে  বিষয়ববীয়া আৰু স্বেচ্ছাসেৱক সকলৰ সম্পূৰ্ণ তালিকা পূজা অনুষ্ঠিত কৰাৰ বাবে উপায়ুক্ত কাৰ্য্যালয়ত কৰিব লগীয়া আবেদনৰ লগত জমা দিব লাগিব। পূজা মণ্ডপৰ আশে-পাশে কোনো ধৰণৰ মেলা আদি অনুষ্ঠিত কৰিব নোৱাৰিব আৰু পথৰ ওপৰত কোনোধৰণৰ অস্থায়ী পেণ্ডেল নিৰ্মাণ কৰিব নোৱাৰিব। তদুপৰি পূজা মণ্ডপ সমূহত একে সময়তে আয়োজক কমিটি আৰু পূজাৰী সহিতে ৩০ জনতকৈ অধিক ব্যক্তি সমবেত হ'ব নোৱাৰিব আৰু পূজা মণ্ডপ সমূহত সামাজিক দূৰত্ব মানি চলি ২০ গৰাকীতকৈ অধিক ভক্ত একেলগে সমবেত হব নোৱাৰিব। সকলো ভক্তই পূজা মণ্ডপ সমূহত মুখত  মুখাবৰণ পিন্ধি আৰু হাত ধুই পেলাইহে প্ৰৱেশ কৰিব পাৰিব আৰু এই ক্ষেত্ৰত আয়োজক কমিটি সমূহে হাত ধুৱাৰ সু-ব্যৱস্থা কৰিব লাগিব। কোনো কাৰণতে দেৱী বিসৰ্জনৰ ক্ষেত্ৰত কোনো ধৰণৰ সমদল কৰিব নোৱাৰিব। মাত্ৰ ৫ গৰাকী ব্যক্তিকহে বিসৰ্জন পৰ্বত যোগদানৰ অনুমতি প্ৰদান কৰা হব। সকলো ভক্তৰ বাবে পূজা মণ্ডপ সমূহত আয়োজক কমিটিয়ে থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা কৰিব লাগিব আৰু এই ক্ষেত্ৰত কোনো ব্যক্তিৰ কৰ'না সংক্ৰান্তীয় কোনো লক্ষণ পালে পূজা মণ্ডপত প্ৰৱেশ কৰিব দিব নোৱাৰিব  ৷ লগতে তেনে কৰ'না লক্ষণযুক্ত ব্যক্তি পালে ততালিকে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত জনাব লাগিব। জনসমাগম হ্ৰাস কৰিবৰ বাবে প্ৰয়োজন সাপেক্ষে বিসৰ্জন পৰ্ব ভাগ ভাগকৈ ৩ দিন পৰ্যন্ত চলিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা