কৰ’নাৰ প্ৰভাৱ৷মুৰে কপালে হাত দিছে জামুগুৰিহাটৰ মৃৎশিল্পী-ৰূপকাৰ ৰাজেন বৰকটকীয়ে৷পদুলীত নাই পূজাৰ ব্যস্ততা

কৰ’নাৰ প্ৰভাৱ৷
মুৰে কপালে হাত দিছে জামুগুৰিহাটৰ মৃৎশিল্পী-ৰূপকাৰ ৰাজেন বৰকটকীয়ে৷
পদুলীত নাই পূজাৰ ব্যস্ততা

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২১ অক্টোৱৰ:পূজাৰ বতৰত ব্যস্ততাৰ ওৰ নপৰা মৃৎশিল্পীসকলৰ পদুলীত আজি নিমাওমাও পৰিবেশ৷বিগত বৰ্ষলৈকে আজিৰ দিনটোত অৰ্থাৎ ষষ্ঠীৰ দিনা ঢোলে-দগৰে,বেণ্ডপাৰ্টিৰ শব্দ,মাইকত দেৱী বন্দনাৰ গীত,ভক্তৰ মুখত “জয় দূৰ্গা মাঁ”ৰ ধবনি এইবিলে যেন শুনিবলৈ পোৱা নাই জামুগুৰিহাটৰ সু-নিপুন মৃৎশিল্পী ৰাজেন বৰকটকী(গোপাল)ৰ পৰিয়ালে৷বিগত বৰ্ষলৈকে ট্ৰাক-টেম্পো-ভক্তপ্ৰান ৰাইজেৰে বিৰদি বাট নোপোৱা ঐতিহ্যমণ্ডিত কালিয়দমন ক্ষেত্ৰৰ কোঁছগাৱৰ বাট-পথ আজি নিৰৱ নিস্তব্ধ৷এইয়া কৰ’নাৰ প্ৰভাৱ৷প্ৰতিবৰ্ষত অবিভক্ত শোণিতপুৰ জিলাখনৰ কুৰিৰপৰা ডেৰকুৰি পূজামণ্ডপৰ সৌস্তৱ বৃদ্ধি কৰা ৰাজেন বৰকটকীৰ হাতৰ পৰশত প্ৰান পাই উঠা দেৱী দূৰ্গাৰ প্ৰতিমা বিচাৰি এইবেলি অহা নাই অধিকাংশ পূজাকমিটি৷তাগিদা নাই দূৰ্গা প্ৰতিমাৰ আকৰ্ষণীয় সাজসজ্জা তথা উচ্চতাৰ মাপকাঠি৷তাৰমাজতেই নিয়ম মাফিক ভাবেই ক্ষুদ্ৰ আকাৰৰ তিনিভাগ মূৰ্তি নিৰ্মানৰেই সন্তুষ্টি লভিব লগীয়া হৈছে শিল্পীগৰাকীৰ লগতে পৰিয়ালটিয়ে৷উল্লেখযোগ্য যে জামুগুৰিহাটৰ প্ৰবীন ৰূপকাৰ-মৃৎশিল্পী তথা চিলাবন্ধা মৌজাৰ মৌজাদাৰ প্ৰয়াত শ্যামচৰন বৰকটকীৰ কনিষ্ঠ পুত্ৰ ৰাজেন বৰকটকীয়ে পিতৃৰ আদৰ্শ অনুকৰণ কৰিয়েই ১৫ বছৰ বয়সৰপৰাই নিৰ্মাণ কৰি আহিছে দূৰ্গা-সৰস্বতী-লক্ষ্মী-গণেশ-কাৰ্তিক আদি বিভিন্ন পূজাৰ আৰাধ্য দেৱ দেৱীৰ প্ৰতিমা৷সু-নিপুন খনিকৰ ৰাজেন বৰকটকীৰ হাতৰ পৰশৰ মূৰ্তিলৈ আশাৰে বাঁট চাই ৰয় পূজা কমিটি সমুহেও৷অতি আতকধুনীয়া,সৌন্দৰ্যময় আৰু জীৱন্ত ৰূপ প্ৰদানত সিদ্ধহস্ত ৰাজেন বৰকটকীৰ আছে অন্য এক প্ৰতিভাও৷এগৰাকী ভাঁওনা-নাটক-থিয়েটাৰৰ সুদক্ষ ৰূপকাৰ এইগৰাকী শিল্পীয়ে মুখাশিল্পী হিচাপেও জিলাখনত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে৷তেখেতে নিৰ্মান কৰা গড়ুৰ,জটায়ু,হৰিণ,নৰসিংহ আদি মুখাৰ লগতে কেবাভাগিও নাট ক্ৰমে যুধিষ্ঠিৰৰ স্বৰ্গযাত্ৰা,কাম্যবনত যুধিষ্ঠিৰ,পৰিক্ষিতৰ ব্ৰহ্মসাপ জন্মেজয় সৰ্পযজ্ঞ,উৰুভংগ দূৰ্য্যোধন,অজ্ঞাতবাসত পাণ্ডৱ,মহিৰাৱন বধ আদি নাট ৰচনা কৰি গুৰুজনাৰসৃষ্ট ভাঁওনা সংস্কৃতিলৈ এক অনবদ্য অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে৷ইয়াৰ মাজতেই পৰিয়ালৰ পোহপালৰ তাড়নাত ব্যৱসায় বৃত্তিটো ব্যস্ত হৈ থাকে শিল্পী গৰাকী৷কিন্তু আজি কোনো এটা দিশেই প্ৰশস্ত নহয় শিল্পীগৰাকীৰ বাবে৷উপাৰ্জনৰ মূল থলী ব্যৱসায়;মনৰ অদম্য হেপাহৰ উৎস ভাঁওনাৰ ভাৱৰীয়াৰ ৰূপদান-মঞ্চসজ্জা এই সকলোবোৰ বন্ধ হৈ পৰিল কৰ’না আগমনৰ লগে লগেই৷তথাপি শিল্পীগৰাকী থমকি ৰোৱা নাছিল৷মনত এক আশা লৈ অপেক্ষা কৰিছিল শৰৎৰ উৎসৱ দূৰ্গা পূজালৈ৷আশা আছিল কৰ’না মহামাৰী লাহে লাহে স্তিমিত হ’ব আৰু শৰৎৰ উৎসৱ দূৰ্গাপূজা আড়ম্বৰপূৰ্ণভাৱে ৰাজ্যবাসীয়ে উদযাপন কৰিব৷আৰু সেয়া হ’লেই শিল্পীগৰাকীৰ হাতলৈ আহিব ২০/২৫ গৰাকী দূৰ্গা প্ৰতিমা নিৰ্মানৰ তাগিদা৷লগে লগে নাইকিয়া হ’ব পৰিয়ালটোৰ অভাৱ অভিযোগবোৰ৷কিন্ত বিনামেঘে ব্ৰজপাত পৰাৰ দৰে সেয়া হৈ নুঠিল৷এতিয়া শিল্পী পৰিয়ালটি পানীত হাঁহ নচৰা অৱস্থাসদৃশ৷চাৰিওপিনে অন্ধকাৰময় পৰিৱেশত দিকবিদিক হেৰুৱাইছে পৰিয়ালটিয়ে৷আজি এমাহ ধৰি পদুলিলৈ চাই চাই নিৰাশ হৈ পৰিছে পৰিয়ালটো৷শিল্পীগৰাকীয়ে আঁৰকাপোৰত উচুপিচে অন্ধকাৰময় ভৱিষ্যতৰ কথা ভাবি৷আজি ষষ্ঠীৰ দিনাও ব্যস্ততাহীন হৈ পৰিছে সুনিপুন খনিকৰগৰাকী৷কলিতে মৰহিছে ভৱিষ্যতৰ সপোন৷না চৰকাৰ না গুণমুগ্ধ না সমাজ সচেতন ব্যক্তিয়ে এইসকল শিল্পীৰ অকণমান সঁহাৰীৰ বাবে হাত আগবঢ়াইছে৷এনে অৱস্থাত শিল্পীগৰাকীৰ লগতে পৰিয়ালটোৰ ভৱিষ্যত দিনসমুহ কেনেদৰে পাৰ হ’ব সেয়া সময়েহে ক’ব যদিও অনাগত সময়ত চৰকাৰৰ সু-দৃষ্টিয়েহে হয়তো এনে দূৰ্দশাগ্ৰস্ত শিল্পীসকলৰ সমস্যা দুৰ কৰিবলৈ সক্ষম হ’ব৷
জোন বৰা ,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা