ভুৱা চালানেৰে কৰ ফাঁকিৰ অপচেষ্টা চলোৱা সুৰা সৰবৰাহকাৰীক কলিতে মোহাৰিলে আবকাৰী বিভাগে*

*
*আবকাৰীৰ চোৰাংচোৱা শাখাক প্ৰশংসা মন্ত্ৰী পৰিমল শুক্লবৈ
ষ্টাফৰিপোৰ্টাৰ, ১৫ অক্টোবৰ : বুধবাৰে নিশা সোণাপুৰৰ তেতেলীয়াত আবকাৰী বিভাগৰ চোৰাংচোৱা শাখা একচাইজ ইণ্টেলিজেন্স ব্যুৰ'ৱে এক অভিযান চলায়। এই অভিযানত আইএমএফএল সৰবৰাহৰ ক্ষেত্ৰত অবৈধ চালান ব্যৱহাৰ কাণ্ড পোহৰলৈ আনিবলৈ সক্ষম হয় অভিযানকাৰী দলটো। ৰাজহ ফাঁকি দি ব্যৱসায় চলাই অহা জব্দকৃত চালানসমূহ যোৰহাট জিলাৰ মৰিয়নিৰ হিমালয় ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড নামৰ উদ্যোগৰ পৰা এমএছ বৰগোহাঁই এণ্টাৰ প্ৰাইজ বণ্ডেড ৱেৰ হাউচ প্ৰাইভেট লিমিটেডলৈ সামগ্ৰী কঢ়িয়াই থকা হৈছিল৷ বুধবাৰে অবৈধ চালান উদ্ধাৰৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আবকাৰীৰ অভিযানকাৰী দলটো। 

অভিযানত এএছ-০১-জিজি-৪১৯৭ নম্বৰৰ সুৰা ভৰ্তি ট্ৰাকসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰঞ্জন দৈমাৰী আৰু হাবিবুল হকক৷ অৱশ্যে দীনেশ ৰাভা নামৰ আন এজনে পলায়ন কৰে৷ গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ লগতে পলায়ন কৰা লোকজনৰ গুৱাহাটীৰ ১২ মাইলৰ নিজ নিজ বাসভৱনত আবকাৰীৰ দলে তালাচী চলায়৷ বৰ্তমান আবকাৰী বিভাগে অনলাইন চালান প্ৰদান কৰে৷ এই চালান যোগে সামগ্ৰী সৰবৰাহ হয়৷ গ্ৰেপ্তাৰ কৰা দুজন লোকে ২০১৬ চনৰ আবকাৰী বিভাগে প্ৰদান কৰা চালান ব্যৱহাৰ কৰি আছিল৷ কিন্তু এই চালান বিভাগে কেতিয়াবাই বন্ধ কৰিছে৷ 
 
ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আবকাৰীৰ চোৰাংচোৱা শাখাক এই সাফল্যৰ বাবে প্ৰশংসা কৰে৷ মন্ত্ৰীগৰাকীয়ে আবকাৰী বিভাগক তদন্ত চলাই নিয়াৰ নিৰ্দেশ দিয়াৰ লগতে ৰাজহ ফাকি দিয়াত সহায় কৰা সংশ্লিষ্ট বিষয়া আৰু কামৰূপ মহানগৰ এনফৰ্চমেণ্ট বিষয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ প্ৰদান কৰে৷ ইতিমধ্যে পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত কামৰূপ মহানগৰ আবকাৰী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হৈছে৷ এই দলটোৱে আবকাৰী বিভাগৰ অবৈধ বটলিং উদ্যোগত অভিযান চলাই ৯১৮ কেছ দেশীয় ভাৱে নিৰ্মিত বিদেশী সুৰা, যন্ত্ৰ-পাতি আৰু ৪ হাজাৰ লিটাৰ বিশেষ এলকহল জব্দ কৰিবলৈ সক্ষম হয়।
 
উল্লেখ্য যে ৬ মাহ পূৰ্বে হিমালয় ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড নামৰ কাৰখানাৰ সমীপৰ পৰা আবকাৰী বিভাগে অবৈধ মদ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু ঘটনাৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ আইএমএলএফ অবৈধভাৱে বটলিং কৰাৰ অপৰাধত দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল৷ তাৰে এজন পলাতক হৈ  আছিল৷ ইফালে এনে অবৈধ চালান ব্যৱহাৰেৰে কৰফাকি দিয়া ঘটনা যাতে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে তাৰ বাবে  যোৰহাট, শিৱসাগৰকে আদি কৰি একাধিক জিলাত অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা