বি টি আৰৰ পৰিষদীয় নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনৰ বাবে সাজু বি জে পি ।"বি জে পি,অসম প্ৰদেশ অনুসূচিত জনজাতি মৰ্চাৰ সভাত ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস

"

ষ্টাফৰিপোৰ্টৰ,১৩,অক্টোবৰ :"ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি বি টি আৰ অঞ্চলৰ ৰাইজৰ বৰ্দ্ধিত উৎসাহ-উদ্দীপনা-সহাঁৰিক সাৰথি কৰি,ক্ৰ'ম'বৰ্দ্ধিত সাংগঠনিক ভেঁটিৰ সহায়ত বি টি আৰৰ পৰিষদীয় নিৰ্বাচনৰ লগতে অহা বিধানসভা নিৰ্বাচনৰ কাৰণে বি জে পি সাজু হৈছে ।"ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলক সমাগত পৰিষদীয় নিৰ্বাচনৰ লগতে অহা বছৰ অনুষ্ঠিত হ'ব লগা বিধান সভা নিৰ্বাচনত বি টি আৰ অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে কোকৰাঝাৰবাসী ৰাইজৰ লগতে বি টি আৰৰ সমূহ ৰাইজৰ বিশেষ সহায় কামনা কৰি ভাজপা,অসম প্ৰদেশৰ  সভাপতি  ৰণজিৎ কুমাৰ দাসে দলৰ কাৰ্যকৰ্তা সকলক নিৰ্বাচনৰ বাবে সাজু হোৱাৰ আহ্বান জনাইছে । আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশ অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ প্ৰথম দিনা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সভাপতি গৰাকীয়ে এই আহ্বান জনাই কয় যে বি জে পিক প্ৰতিৰোধ কৰিবৰ ক্ষমতা কোনো বিৰোধী দলৰ নাই; আছে কেৱল স্বাভিমানী অসমীয়া ৰাইজৰহে । এটাৰ পাছত আনটো নিৰ্বাচনত ধাৰাবাহিক বিজয়ে প্ৰমাণ কৰিছে যে অসমবাসী ৰাইজ বিজেপিৰ স'তে আছে ,সেয়ে বি জে পি অপ্ৰতিৰোধ্য ।  আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হয় আবেলি দুই বজাত  পতাকা উত্তোলনেৰে । সভাপতি মহোদয়ৰ উদ্বোধনী ভাষণৰ আগতে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমাৰ দলে  নিজৰ ভাষণত চৰকাৰৰ আঁচনি সমূহ ৰাইজৰ মাজলৈ লৈ যাবৰ আহ্বান জনায় । এই প্ৰতিবেদন যুগুতৰ সময়ত
ভাজপা-অসম প্ৰদেশৰ সম্পাদক দীপ্লুৰঞ্জন শৰ্মাই দ্বিতীয় অধিৱেশনৰ বক্তব্য আৰম্ভ কৰিছে । ভা জ পা,অসম প্ৰদেশৰ উপ-সভাপতি তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ  জয়ন্ত মল্ল বৰুৱাই তৃতীয় অধিৱেশন, ভা জ পা,অসম প্ৰদেশৰ সাধাৰণ সম্পাদক তথা তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ শ
পল্লৱ লোচন দাসে চতুৰ্থ অধিৱেশন,ভা জ পা,অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা পঞ্চম অধিৱেশন আৰু ৰাজ্যৰ বিত্ত,লোকনিৰ্মাণ, শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ষষ্ঠ অধিৱেশন সম্বোধন কৰিব ।
  ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ মাননীয় সভাপতি  ৰণজিৎ কুমাৰ দাসে বড়ো সকলৰ উপাস্য "বাথৌ দেৱতা"ৰ পূজা আৰু ব'ড'ফা উপেন্দ্ৰনাথ ব্ৰহ্ম দেৱৰ প্ৰতিচ্ছবিত মাল্যাপণেৰে আজিৰ কাৰ্যসূচীৰ পাতনি মেলাৰ পাছতে সভাৰ সূচী অনুসৰি পতাকা উত্তোলন,বন্তি প্ৰজ্বলন,মাতৃ বন্দনা আৰু সম্বৰ্ধনা অনুষ্ঠান সমাপণ হোৱাৰ পাছত শোক প্ৰস্তাৱ পাঠ কৰা হয় বুলি  সভাপতিৰ প্ৰচাৰ সচিব প্ৰণৱ শইকীয়া স্বাক্ষৰিত বিবৃতিত প্ৰকাশ ।
সভাত ভাষণ আগবঢ়াই ইউনাইটেড্ বড়ো পিপলছ্ অৰ্গেনাইজেশ্যনৰ প্ৰাক্তন সভাপতি, অলপতে ভাৰতীয় জনতা পাৰ্টিত যোগ দিয়া বড়ো নেতা মিহিনেশ্বৰ বসুমতাৰীয়ে বি জে পিয়ে জনজাতি ৰাইজৰ আশা পূৰণ  কৰাৰ বাবেই ভাজপাত যোগদান কৰা বুলি উল্লেখ কৰে ।
আজিৰ সভাত সভাপতিত্ব কৰে ভা জ পা,অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি  হৰেণ দেউৰীয়ে। আজিৰ অনুষ্ঠানত ডিমাছা,সোণোৱাল-কছাৰী,ঠেঙাল কছাৰী,দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সকলৰ লগতে ইউনাইটেড্ বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰী প্ৰমুখ্যে জ্যেষ্ঠ নেতৃবৰ্গ উপস্থিত থাকে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা