অনুজ্ঞাপত্ৰ অবিহনে অথবা অনুজ্ঞাপত্ৰ নবীকৰণ নকৰাকৈ ব্যৱসায় সকলে ১৫ দিনৰ ভিতৰত নবীকৰণ কৰাৰ আহ্বান

গুৱাহাটী পৌৰ নিগমৰ কঠোৰ জাননী


সম্পত্তিৰ কৰ ১৫ দিনৰ ভিতৰত পৰিশোধ নকৰিলে কৰ্তন কৰি দিয়া হ'ব পানী যোগান




ষ্টাফৰিপোৰ্টাৰ, ১৩ অক্টোবৰ : সম্পত্তিৰ কৰ ১৫ দিনৰ ভিতৰত পৰিশোধ নকৰিলে কৰ্তন কৰি দিয়া হ'ব পানী যোগান। এই কঠোৰ জাননী ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমে। কেৱল পানী যোগান কৰ্তনেই নহয় গুৱাহাটী পৌৰ নিগমে আইন মতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। গুৱাহাটী পৌৰ নিগমে মঙলবাৰে জাৰী কৰা এক নিৰ্দেশনা অনুসৰি যি সকল ব্যক্তিয়ে সম্পত্তি কৰা আদায় দিয়া নাই আৰু নিগমৰ পানী যোগানৰ সুবিধা উপভোগ কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত কঠোৰ হ'ব নিগম কৰ্তৃপক্ষ। আনহাতে গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনত  থকা সকলো ব্যৱসায় প্ৰতিষ্ঠা নৰ গৰাকী সকল যি সকলে অনুজ্ঞাপত্ৰ অবিহনে অথবা অনুজ্ঞাপত্ৰ নবীকৰণ নকৰাকৈ তেওঁলোকৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ চলাই আছে তেওঁলোককো ১৫ দিনৰ ভিতৰত অনুজ্ঞাপত্ৰ লবলৈ তথা নবীকৰণ কৰিবলৈ নিগম কৰ্তৃপক্ষই আহ্বান জনাইছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা