উত্তৰ গুৱাহাটীত নাৰী সৰবৰাহকাৰীৰ সন্দেহত এজনক আটক, জেল হাজোতলৈ প্ৰেৰণ

পঙ্কজ নাথ, চাংসাৰি, ৯ অক্টোবৰ :

কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীত নাৰী সৰবৰাহৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । আজি এজন নাৰী সৰবৰাহকাৰীৰ অভিযোগত অভিযুক্ত গ্ৰেপ্তাৰৰ পিছতে সৃষ্টি হৈছে এই চাঞ্চল্য। আপোনাৰ ঘৰতো গাভৰু ছোৱালী আছে যদি নজৰ ৰাখিব। লালসা বা বিলাসী জীৱনৰ সপোন দেখুৱাই নাৰী সৰবৰাহকাৰীয়ে ঘটাব পাৰে অঘটন। মাত্ৰ ১৫ দিনত ফেচবুকত চিনাকি হৈ গভীৰ হিয়াদিয়া নিয়া কৰি ৰাজস্থানৰ জয়পুৰৰ যুৱক ২৬ বছৰীয়া জয় কৃষণ কুমাৰে কাহানিও এজনে আনজনক প্ৰত্যক্ষ সাক্ষাৎ নকৰাকৈ ফেচবুকত গঢ়ি তোলে নিবিড় প্ৰেমৰ সম্পৰ্ক। ইয়াৰ পিছতে যুৱতীৰ পৰা পোৱা ঠিকনা অনুসৰি উত্তৰ গুৱাহাটী কলেজৰ কাষত ৰাজস্থানৰ পৰা সোশৰীৰে যুৱক আহি উপস্থিত হৈ যুগ্ম জীৱনৰ পাতনি মেলিব বুলি ছোৱালীক পলুৱাই লৈ যায় যদিও উত্তৰ গুৱাহাটীৰ ১৯ বছৰীয়া এগৰাকী যুৱতীৰ পৰিয়ালৰ পৰা দিয়া গোচৰৰ ভিত্তিত আৰক্ষীৰ তৎপৰতাঃ যুৱক-যুৱতী হালক পল্টন বজাৰৰ পৰা উত্তৰ গুৱাহাটী আৰক্ষীয়ে কৰায়ত্ব কৰে। এই সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীয়ে ১১১/২০২০ আইপিচি ৩৬৬ ধাৰাৰ অধীনত এটি গোচৰ ৰুজু কৰিছে। ইয়াৰ পিছতে উত্তৰ গুৱাহাটী আৰক্ষীৰ এয়া এক বৃহৎ সফলতা বুলি অঞ্চলটোৰ একাংশই উল্লেখ কৰি সময় থাকোতেই যুৱকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা বাবেই ছোৱালীজনী উদ্ধাৰ হল বুলি অঞ্চলটোৰ একাংশ লোকে সদৰি কৰে । আজি আৰক্ষীয়ে এই যুৱকজনক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে যুৱতী গৰাকীৰ জীৱনলৈ দুৰ্যোগ নামি  আহিল হয় বুলি উল্লেখ কৰে আন একাংশ ৰাইজে । উত্তৰ গুৱাহাটী আৰক্ষীয়ে উক্ত সন্দৰ্ভত মানৱ দেহ সৰবৰাহকাৰী লগতে আন সকলো দিশৰ ওপৰত তদন্ত আৰম্ভ কৰি যুৱকগৰকীক ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে। 

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা