হীৰ' মটকৰ্পে আকৰ্ষণীয় গ্লেমাৰ 'ব্লেজ সংস্কৃৰণৰ সূচনা কৰিলে




ষ্টাফ ৰিপ'ৰ্টাৰ,,,,১৪ অক্টোবৰ
মটৰ চাইকেল আৰু স্কুটাৰৰ বিশ্বৰ সৰ্ববৃহৎ নিৰ্মাতা হীৰ' ম'টকৰ্পে জনপ্ৰিয় গ্লেমাৰ মটৰচাইকেলৰ এটা বিশেষ সংস্কৃৰণ গ্লেমাৰ ব্লেজ(Glamour Blaze) ৰ সূচনা কৰে। গ্লেমাৰ ব্ৰেণ্ডৰ DNA-ৰ সৈতে সংগতি ৰাখি নতুন মটৰচাইকেল খনে পাৰ্ফৰ্মেঞ্চ, আৰাম আৰু ষ্টাইল প্ৰদান কৰে এক নতুন মেট ভাৰ্নিয়াৰ গ্ৰে ৰঙত। নতুন মটৰ চাইকেল খনৰ সন্দৰ্ভত মন্তব্য কৰি হীৰ' ম'টকৰ্পৰ ছেলছ আৰু আফটাৰছেলছৰ মূৰব্বী নৱীন চৌহানে কয়"-গ্লেমাৰ হৈছে দেশজুৰি অতি এক জনপ্ৰিয় ব্ৰেণ্ড আৰু শৈলী আৰু প্ৰদৰ্শনক প্ৰতিনিধিত্ব কৰে। শেহতীয়াকৈ আৰম্ভ কৰা নতুন গ্লেমাৰৰ প্ৰতি সহাঁৰি ইতিবাচক হৈছে আৰু এতিয়া ইয়াৰ ব্লেজ সংস্কৃৰণত, ব্ৰেণ্ডটোৱে দেশৰ যুৱক সকলক প্ৰতিনিধিত্ব কৰিছে"। আনহাতে এই সন্দৰ্ভত হীৰ' মট'কৰ্পৰ-ৰ ষ্ট্ৰেটেজি হেড মালো লেমাচনে,কয়"-আগন্তুক উৎসৱৰ বতৰৰ পূৰ্বে আমাৰ নতুন সামগ্ৰীৰ এক শক্তিশালী লাইন আপ আছে। নতুন গ্লেমাৰ ব্লেজ হৈছে এক উচ্চ- শক্তিসম্পন্ন- সংস্কৃৰণ যি যুৱ আৰোহীসকলৰ বাবে ইয়াৰ আবেদন বৃদ্ধি কৰিব"। উল্লেখযোগ্য যে, সমগ্ৰ দেশত হীৰ' মটকৰ্পৰ শ্ব' ৰুমসমূহত ৭২,২০০ টকাৰ আকৰ্ষণীয় মূল্যত গ্লেমাৰ ব্ৰেজ উপলব্ধ হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা