বৰপেটাত কংগ্ৰেছৰ নৱ নিযুক্ত সাধাৰণ সম্পাদক ডাঃ ইমটিয়াজ হুছেইন চৌধুৰীক সম্বৰ্ধনা

 বৰপেটা, ৯ অক্টোবৰ :

বৰপেটাত কংগ্ৰেছৰ নৱ নিযুক্ত সাধাৰণ সম্পাদক ডাঃ ইমটিয়াজ হুছেইন চৌধুৰীক সম্বৰ্ধনা ।

বৰপেটা জিলা কংগ্ৰেছৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত শুক্ৰবাৰে বৰপেটা জিলা কংগ্ৰেছৰ কাৰ্যলয়ত অনুষ্টুপীয়াকৈ এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । 

উক্ত সম্বৰ্ধনা অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ তৰফৰপৰা নিযুক্ত দিয়া নৱ নিযুক্ত সাধাৰণ সম্পাদক ডাঃ ইমটিয়াজ হুছেইন চৌধুৰীক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে দীপাংকৰ দাস, দ্বীপজ্যোতি ৰয়, চাইদুৰ ৰহমানক সম্বৰ্ধনা জনোৱা হয় ।

 
সম্বৰ্ধনা জ্ঞাপন কৰে বৰপেটা জিলা কংগ্ৰেছৰ সাংস্কৃতিক বিভাগৰ অধ্যক্ষ ৰিংকু আহমেদে । 

উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নুৰুল ইছলাম তালুকদাৰৰ লগতে বিভিন্ন নেতা কৰ্মী ।

বৰপেটাৰ পৰা কঞ্জল দাসৰ ৰিপ'ৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা