গুৰুজনাৰ ওপজাভূমিত গুৰু-শিষ্য পৰম্পৰা মনিকাঞ্চন আঁচনিৰ অধীনত আয়োজিত কৰ্মশালাৰ আনুষ্ঠানিক উদ্বোধন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৫ অক্টোবৰঃ অসম চৰকাৰৰ গুৰু-শিষ্য পৰম্পৰা মনিকাঞ্চন আঁচনিৰ অধীনত যোৱা পহিলা আগষ্টৰ পৰা গুৰুজনাৰ ওপজাভূমি বটদ্ৰৱা থানত চলি থকা "বৰদোৱা থানৰ গায়ন শৈলীৰ প্ৰসংগীয়া গীত, বৰগীত আৰু নামপ্ৰসংগ"ৰ প্ৰশিক্ষণ আৰু "পুৰণি লিপি লিখা আৰু পঢ়া, সাঁচিপাত প্ৰস্তুত, হেঙুল-হাইতাল প্ৰস্তুত" শীৰ্ষক দুটি কৰ্মশালাৰ সোমবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় । এই মৰ্মে, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে প্ৰশিক্ষক তথা বটদ্ৰৱা থানৰ বৰনামলগোৱা, শিল্পী পেঞ্চনাৰ ডম্বৰুধৰ গায়নে ৷ "নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা" শীৰ্ষক বৰগীতেৰে আৰম্ভণি কৰা অনুষ্ঠানটিত উপস্থিত থাকি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানীফুকনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ প্ৰাচীন গীত-মাত অতিকে সুন্দৰ আৰু ইয়াৰ প্ৰচাৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰাটো অতিকে প্ৰয়োজন বুলি মত পোষণ কৰে। বিষয়া গৰাকীয়ে লগতে যোৱা পহিলা আগষ্টৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ কৰ্মশালা কভিড-১৯ ৰ ভয়াৱহতাৰ বাবে আজিহে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় বুলি জানিবলৈ দিয়ে। শিল্পী পেঞ্চনাৰ তথা "পুৰণি লিপি লিখা আৰু পঢ়া, সাঁচিপাত প্ৰস্তুত, হেঙুল-হাইতাল প্ৰস্তুতকৰণৰ প্ৰশিক্ষক হৰি নাৰায়ণ কোঁৱৰে উদেশ্যে ব্যখ্যা কৰা অনুষ্ঠানটিত বটদ্ৰৱা শলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া অতুল মহন্ত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, সম্পাদক ৰেবত কুমাৰ হাজৰিকা, সমাজকৰ্মী যজ্ঞ মোহন ভূঞাই সাৱলীল ভাষন প্ৰদান কৰে ৷ বটদ্রৱা থানৰ আকাশী গংগাৰ তীৰত অনুষ্ঠিত এই মনোগ্ৰাহী অনুষ্ঠানটিত টিকেন্দ্ৰজিৎ গোস্বামী, হীৰামনি বৰুৱা, কংকনা কোঁৱৰ, লক্ষ্যধৰ তালুুকদাৰ, গিৰিশ বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি আৰু প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে।
Comments
Post a Comment