গুৱাহাটীস্থিত এ'প'ল হাস্পতালে মুকলি কৰিলে প'ষ্ট ক'ভিড ৰিক'ভাৰী ক্লিনিক




 ষ্টাফ ৰিপ'ৰ্টাৰ,,,১৯ অক্টোবৰ
এপ'ল হাস্পতাল গুৱাহাটীয়ে ইয়াৰ নিজা প'ষ্ট  কভিড ৰিক'ভাৰী ক্লিনিক শুভাৰম্ভ কৰাৰ কথা সোমাবাৰে ঘোষণা কৰে। যি সকল কভিড  আক্ৰান্ত ৰোগীয়ে সংক্ৰমণৰ উপশম হোৱাৰ পিছতো দীৰ্ঘদিনৰ বাবে এই সংক্ৰমণৰ প্ৰভাৱত ভূগি থাকে, সেইসকল ৰোগীৰ বাবে  এই বিশেষ ৰিক'ভাৰী ক্লিনিক আৰম্ভ কৰা হৈছে। সোমাবাৰে  গুৱাহাটীত এক সংবাদ মেল অনুষ্ঠিত কৰি  এই বিষয়ে সদৰী কৰে গুৱাহাটীৰ এপ'ল' হাস্পতালৰ ইন্টাৰনেল মেডিচিন বিভাগৰ মুৰব্বী ডাঃ সাধন ব্ৰত দাসে। তেওঁ কয়"-আমাৰ হস্পতাললৈ অহা যিসকল ৰোগীয়ে ক'ৰ'ণা সংক্ৰমনৰ পৰা উপশম লাভ কৰে, সেইসকল ৰোগীয়ে উপশমৰ পিছত সন্মুখীন হোৱা বিশেষ ৰোগ যেনে- বুকুৰ বিষ, উশাহ-নিশাহত কষ্ট, দৃষ্টি শক্তি হ্ৰাস পোৱা, হাড়ৰ যোৰাৰ বিষ আদি বিশেষ ৰোগৰ লক্ষণ পাই আমাক সাক্ষাৎ কৰে। সেয়ে এনেধৰণৰ ৰোগী সকলক স্বাস্থ্য সম্বন্ধীয় বিষয়ত সহায় আগবঢ়োৱাৰ বাবে এই ক্লিনিকৰ আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয়"-ক'ভিড-১৯য়ে  শৰীৰৰ প্ৰায় প্ৰতিটো অংগতে প্ৰভাৱ বিস্তাৰ কৰে। গুৰুতৰ সমস্যা যেনে-ষ্ট্ৰ'ক আৰু বায়'কাৰ্ডিয়েল ইনফাৰ্কশ্বনৰ লগতে ক্ৰনিক সমস্যা যেনে-মধুমেহ, হাইপাৰটেনচন আদিৰ লক্ষণেও সংক্ৰমনৰ পাছৰ পৰ্য্যায়ত দেখা দিয়ে। গতিকে এক ক্লিনিকে আক্ৰান্ত ৰোগীসকলক উপশমৰ পাছৰ পৰ্য্যায়ৰ ৰোগৰ লক্ষণ সমূহ পৰ্যবেক্ষণ কৰি উচিত সময়ত উচিত চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হ'ব"। আনহাতে এই সন্দৰ্ভত এপ'ল' হাস্পতালৰ গুৱাহাটীৰ 
পাম্ল'নেৰী  মেডিচিন বিভাগৰ মুৰব্বী তথা জ্যেষ্ঠ বিশেষজ্ঞ কৃপেশ ৰঞ্জন শৰ্ম্মাই কয়"-কভিড-১৯ য়ে হাওঁফাওঁৰ বাহিৰে শৰীৰৰ আন অংশতো প্ৰভাৱ বিস্তাৰ কৰে। ফলত বহুত অসুবিধাৰ সৃষ্টি হয়। এই ক্লিনিকৰ জৰিয়তে ৰোগীসকলৰ লক্ষণ সমূহ পৰ্যবেক্ষণ কৰাটো সুবিধা হ'ব আৰু ৰোগীসকলে উচিত সময়ত চিকিৎসা পোৱাতো সহায় হ'ব"। উল্লেখযোগ্য যে, গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথস্থিত শুভম বিল্ডৱেলৰ এপ'ল' মেডিকেল চেণ্টাৰত এই ক্লিনিক মুকলি কৰা হৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা