মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত সদৌ অসম উন্নয়ন পৰিষদৰ কামৰূপ জিলা সমিতিৰ প্ৰতিবাদ
নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ সংগঠনটোৰ।
পঙ্কজ নাথ, চাংসাৰি , ৭ অক্টোবৰঃ
নিত্য ব্যৱহার্য সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ তীব্র প্রতিবাদ জনালে সদৌ অসম উন্নয়ন পৰিষদে । আজি বুধবাৰে মহানগৰীৰ ভঙাগড়স্থিত যোগান বিভাগৰ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত উন্নয়ন পৰিষদৰ কামৰূপ জিলা সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । পৰিষদৰ কামৰূপ জিলা সমিতিৰ সম্পাদক কপিল ঠাকুৰীয়াই বর্তমান মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জৰুলা কৰা বুলি কৈ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে । আনহাতে লক ডাউনৰ সময়ত ব্যৱসায় লোকচানৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে যি অবাধ মূল্যবৃদ্ধি কৰিছে সেই কাৰ্যত চৰকাৰৰ যোগান বিভাগৰ কোনোধৰণৰ নিয়ন্ত্ৰণ নাই বুলিও অভিযোগ কৰে সম্পাদকগৰাকীয়ে ৷মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত সদৌ অসম উন্নয়ন পৰিষদৰ কামৰূপ জিলা সমিতিয়ে প্ৰতিবাদ কাৰ্য্যসূচী গ্ৰহণ কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক জয়ন্ত গগৈয়ে বর্তমান বজাৰত জুই চাই দাম যদিও যোগান মন্ত্রী সম্পূর্ণ নিমাত আৰু সামগ্ৰীৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰটো তেওঁ ব্যর্থ হৈছে বুলি মন্ত্ৰী গৰাকীক ধিক্কাৰ প্ৰদান কৰে । যোগান মন্ত্রী ফণীভূষণ চৌধুৰীৰ নিষ্ক্ৰিয়তাৰ বাবেই এচাম অসাধু ব্যৱসায়ীয়ে সামগ্রীসমূহৰ মূল্য বৃদ্ধি কৰা বুলি উল্লেখ কৰে সম্পাদক গৰাকীয়ে । ভঙাগড়ৰ প্ৰতিবাদস্থলীৰ পৰাই কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জয়ন্ত গগৈয়ে যোগান বিভাগক অতি শীঘ্ৰে সক্রিয় ভূমিকা গ্ৰহণ কৰি মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় অন্যথা সংগঠনটোৱে অনাগত সময়ত আজিৰ প্ৰতিবাদতকৈ প্ৰতিবাদ তীব্ৰ কৰি তোলাৰ লগতে প্ৰয়োজনত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈও বাধ্য হব বুলি চৰকাৰক সকিয়াই দিয়ে ।
কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।
Comments
Post a Comment