এইচডিএফচি বেংকৰ গ্ৰামীণ ভাৰতৰ ১.৩ লাখ ভি এল ই লৈ আহিছে "ফেষ্টিভ ট্ৰীটছ ২.০




 ষ্টাফ ৰিপোৰ্টাৰ,,,১০ অক্টোবৰ
এইচডিএফচি বেংকে ইয়াৰ উৎসৱ কালীন অফাৰ 'ফেষ্টিভ ট্ৰিটছ'ক ভাৰতৰ সৰু চহৰ আৰু গ্ৰামীণ পৰ্যায়ত মুকলি কৰিছে। ভাৰত চৰকাৰৰ সাধাৰণ সেৱা (চি এছ চি) নেটৱৰ্কৰ জৰিয়তে এই বেংকৰ বাৰ্ষিক সেৱা ধামাকা ' ফেষ্টিভ ট্ৰিটছ' গ্ৰামাঞ্চললৈ প্ৰসাৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। সাধাৰণ সেৱা কেন্দ্ৰ ত তালিকাভুক্ত ১.২ লাখ গ্ৰামীণ পৰ্য্যায়ৰ উদ্যমী মাধ্যমেৰে গ্ৰাহক সকলে বিশেষ অফাৰ সমূহ লাভ কৰিব পাৰিব। আঞ্চলিক পৰ্য্যায়ত বেংকে ৩০০০ ৰো অধিক স্থানীয় দোকানী আৰু ব্যৱসায়ীয়ে ' হাইপাৰ লোকেল'ৰ সুবিধা লাভ কৰিব পাৰিব। গ্ৰাহকে ইলেকট্ৰনিকছ, গ্ৰ'চাৰী, হোম জুৱেলাৰী আদি অন্যান্য শাখাত মুঠ ৫ শতাংশৰ পৰা ১৫ শতাংশলৈ ৰেহাই থাকিব। এই গ্ৰামীণ পৰ্যায়ৰ প্ৰচাৰ ডিজিটেল মাধ্যমত মুকলি কৰে স্মৃতা ভগত, দেশীয় মুৰব্বী চৰকাৰী আৰু প্ৰতিষ্ঠান ব্যৱসায় ই-কমার্চ আৰু ষ্টাৰ্ট আপ এইচডিএফচি আৰু  দীনেশ ত্যাগী, চিইঅ', সাধাৰণ সেৱা কেন্দ্ৰ, এচপি ভিয়ে। এই সন্দৰ্ভত দীনেশ ত্যাগীয়ে কয়"-আমি গ্রামাঞ্চলত বাস কৰা সকলক সহায় কৰিবলৈ আগ্ৰহান্বিত। এইচডিএফচি বেংকৰ সুবিধা সমূহ ফেষ্টিভ ট্ৰীটছৰ জৰিয়তে চহৰৰ দৰে গাঁও সমূহলৈ প্ৰসাৰিত কৰিব বিচাৰোঁ।"

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা