দুৰ্গা পূজা উদযাপনৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিলে চৰকাৰে




ষ্টাফৰিপোৰ্টাৰ, ১৩ অক্টোবৰ: দুৰ্গা পূজা উদযাপনৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিলে চৰকাৰে। দূৰ্গা পুজা পতাত কোনো বাধা নাই।ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মহামাৰীৰ সময়তে উদযাপন হ’বলগীয়া দুৰ্গা পূজাৰ বাবে বিশেষ নীতি-নিৰ্দেশনা ঘোষণা কৰে৷ সেই অনুসৰি পূজা পাতিবলৈ জিলা প্ৰশাসনৰ অনুমতি ল’ব লাগিব পূজা কমিটীসমূহে। সেই অনুসৰি পূজাৰ পুৰোহিত আৰু কমিটীৰ সদস্যসকলে পঞ্চমীৰ দিনা ক’ভিড পৰীক্ষা কৰোঁৱাতো বাধ্যতামূলক৷ বিসৰ্জনৰ পাছত পুনৰ ক’ভিড পৰীক্ষা কৰাব লাগিব৷ পূজাৰ সময়ত ৰেস্তোৰাঁ-হোটেল নিশা ৯বজাত বন্ধ কৰিব লাগিব৷
পূজাৰ সময়ছোৱাত বাইকত দুজন পুৰুষ একেলগে ভ্ৰমণ কৰিব নোৱাৰিব।মহিলা শিশুৰ ক্ষেত্ৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহ’ব।
দুৰ্গা পূজা উপলক্ষেআৰতি কৰাৰ বাদে অন্য কোনো সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব৷
পূজা মণ্ডপত এবাৰত ৫০জন লোকহে একেলগে সোমাব পাৰিব।
নিশা ৯ বজাৰ লগে লগে পৰিচালনা সমিতিয়ে পূজা মণ্ডপৰ গেট বন্ধ লাগিব৷
দেৱী বিসৰ্জনত সময়ত কোনো সমদল উলিয়াব নোৱাৰিব৷
মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক।
দুই তিনি দিনলৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰিব প্ৰশাসনে।
উল্লেখ্য শাৰদীয় দুৰ্গোৎসব লৈ মাজত মাথোঁ কেইটামান দিন বাকী থকাৰ সময়ত 
দুৰ্গা পূজা উদযাপনৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিলে চৰকাৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা