জামুগুৰিহাটত প্ৰকাণ্ড দতাল হাতীৰ মৃত্যু

খাদ্যত বিষক্ৰীয়াৰ  সন্দেহ।
ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট ২৬ অক্টোবৰ :-  জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰীৰ গাড়ীবাটত কালি পুৱা এটি  প্ৰকাণ্ড দতাল বনৰীয়া হাতী মৃত অৱস্থাত পোৱা যায় ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত নিশা জনাঞ্চললৈ ওলাই আহি খলিহামাৰীৰ সমীপত মৃত্যু হোৱা হাতীটো পুৱা স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰি বনবিভাগক অৱগত কৰে।পিছত ঘটনা স্হলীত বনবিভাগৰ লোক উপস্থিত  হৈ  হাতীটো পুতি থোৱাৰ ব্যৱস্থা কৰে।বনবিভাগৰ লোকে  প্ৰকাণ্ড দতাল হাতীটো খাদ্যত হোৱা বিষ ক্ৰীয়াৰ ফলতেই মৃত্যু হোৱা  বুলি সন্দেহ প্ৰকাশ কৰিছে ।মৃত্যু হোৱা হাতীটোৰ বয়স  আনুমানিক ৪৫বছৰ বুলি বনবিভাগে জানিবলৈ দিছে ।উল্লেখ্য যে ইয়াৰ পূৰ্বেও জামুগুৰিহাটৰ দক্ষিণাঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই নিশাৰ ভাগত ওলাই অহা কেইবাটাও হাতী মৃত্যুৰ মুখত পৰিছে।
জোন বৰা,
জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা