কৃষ্ণাইত শতাধিকৰ এআইইউডিএফত যোগদান

গোৱালপাৰা জিলাৰ কৃষ্ণাইত বিভিন্ন দল সংগঠনৰ পৰা শতাধিক লোকে এআইইউডিএফ দলত যোগদান কৰাৰ বাতৰি পোৱা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ১৪ অক্টোবৰত কৃষ্ণাইৰ মোলানডুবিত অনুষ্ঠিত এআইইউডিএফৰ এখন সভাত সমাজসেৱক মাছিদুল ইছলামৰ নেতৃত্বত অঞ্চলটোৰ শতাধিক লোকে এনেদৰে মৌলানা বদৰদ্দিন আজমল নেতৃত্বাধীন দলটোত যোগদান কৰে ৷ আব্দুল হাইৰ সভাপতিত্বত অনুষ্ঠিত সিদিনাৰ সভাখনতে ২১ জনীয়া সদস্যৰে এআইইউডিএফৰ মোলানডুবি আঞ্চলিক সমিতি খনো গঠন কৰা হয় ৷ সমিতি খনত মৌলানা আজিজুৰ ৰহমানক সভাপতি,ৰহিজুদ্দিনক সম্পাদক তথা 
মাছিদুল ইছলামক মুখ্য উপদেষ্টা হিচাপে অন্তৰ্ভুক্ত কৰা হয় ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা