গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞা

 মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ প্ৰশ্ন--"গুৰুজনাৰ ওপজাভূমিৰ ৯৬২ বিঘা ভূমি আজিও কিয় নহ’ল বেদখলমুক্ত"#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ অক্টোবৰঃ "বটদ্ৰৱাৰ ৯৬২ বিঘা মাটি এতিয়াও বেদখলকাৰীৰ কবলত আছে। সত্ৰৰ ভূমি বেদখলমুক্ত কৰিম বুলি প্ৰতিশ্ৰুতি দি ৰাইজৰ আৱেগকলৈ চৰকাৰ গঠন কৰাৰ পাছত গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাৰ ৯৬২ বিঘা ভূমি কিয় বেদখলমুক্ত নহল। আমি দাবী তুলিছো শীঘ্ৰেই  বটদ্ৰৱাৰ বেদখলকৃত ভুমি বেদখলমুক্ত কৰক।" এই দাবী সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাৰ ৷ সোমবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ  জন্মভূমিত উপস্থিত হৈ ভূঞাই লগতে কয় যে--মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এতিয়া অসম জাতীয় পৰিষদক লৈ বেছ উদ্বিগ্ন ৷নহ’লে তেওঁ খাওতে, শোওঁতে, উঠোতে বা বহোতে এই দলৰ কথা কিয় কৈছে। তেওঁ আমাৰ দলক লৈ শংকিত বুলি মন্ত্ৰী গৰাকীক কটাক্ষ কৰে । বটদ্রৱা থানত উপস্থিত হৈ জাতীয় সাজ পৰিধান কৰি জগদীশ ভূঞাই কীৰ্তনঘৰত সেৱা লৈ স্মৃতি বিজড়িত পদশিলা, শংকৰ শিলিখা বৃক্ষ, আকাশী গংগা আদি দৰ্শন কৰে। বটদ্রৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ  দেৱানন্দ দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই গামোচা, গ্ৰন্থৰে আদৰনি জনাই জগদীশ ভূঞাক ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা