নগাঁৱত নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্মদিনত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ অক্টোবৰঃ নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন প্ৰতিক্ষাৰ সহযোগত বাটমাৰী জ্ঞানদ্বীপ ছিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ত শনিবাৰে লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটলৰ জন্মদিন ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়। কাৰ্য্যসূচী অনুসৰি পুৱা বিদ্যালয় প্ৰাংগণত পৰিবেশ সজাগতাৰ উদ্দেশ্যে বৃক্ষ ৰোপন আৰু ছাফাই অভিযানৰ লগতে এটি শোভাযাত্ৰা উলিওৱাৰ পিছত লৌহ মানৱ গৰাকীৰ জীৱন দৰ্শনৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷ নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি তথা সাংবাদিক মাজিদুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাত নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকি সাংবাদিক দিব্যজ্যোতি বৰুৱাই ভাষণ প্ৰসংগত সাম্প্ৰতিক সময়ত লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শ খুৱ প্ৰয়োজনীয় হৈ পৰিছে বুলি উল্লেখ কৰি নৱ প্ৰজন্মক তেখেতৰ জীৱন দৰ্শন অধ্যয়ন কৰি আদৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানটিত শিক্ষক তথা সাংবাদিক নিতুমনি গোস্বামী, নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰ, জ্ঞানদ্বীপ ছিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ তথা অধিবক্তা আক্ৰাম হুছেইনে আৰু শিক্ষক মঞ্জুল কলিতাই ৰাষ্ট্ৰীয় একতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা