গুৰুজনাৰ ওপজাভূমিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ জন্মদিন উদযাপন শুভাকাংক্ষীৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ অক্টোবৰঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ শুভ জন্মদিন উপলক্ষে দেওঁবাৰে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ ঐতিহাসিক কীৰ্তন ঘৰ আৰু দৌল মন্দিৰত সত্ৰীয়া পৰম্পৰা অনুসৰি নৈবেদ্য, ঘিউ চাকি, ধূপ আদি আগবঢ়াই সেৱা নিবেদন কৰি তেখেতৰ সু-স্বাস্থ্য তথা দীৰ্ঘায়ু কামনাৰে প্ৰাৰ্থনা জনাই আৰ্শীবাদ গ্ৰহন কৰে গগৈৰ শুভাংকাংক্ষীসকলে ৷  ইয়াৰ পিছতে অসমৰ ৰাজনীতিৰ বয়োজ্যেষ্ঠ ৰাজনীতিবিদ তৰুন গগৈৰ নামত বটদ্ৰৱা থানৰ মনিকূটৰ কাষতে বটদ্ৰৱা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাৰ কৰকমলেৰে এটি মূল্যবান গছ পুলি ৰোপন কৰা হয় ৷ শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ কীৰ্তন ঘৰ আৰু দৌল মন্দিৰত ভকতসৱে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে পৰিয়ালবৰ্গৰ সৰ্বমংগল অৰ্থে আৰ্শীবাদ প্ৰদান কৰি জন্মদিনৰ শুভ কামনা জ্ঞাপন কৰে ৷  তদুপৰি শ্ৰীশ্ৰী দৌল মন্দিৰতো শ্ৰীশ্ৰী শ'লগুৰি সত্ৰৰ সত্ৰাধিকাৰ তথা শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচলনা সমিতিৰ উপ-সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত সত্ৰীয়া পৰম্পৰাৰে বন্তি প্ৰজ্বলন কৰি আৰ্শীষ নিৰ্মালী প্ৰদান কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে পূণ্যভুমি বটদ্ৰৱাত ৰূপায়ন কৰা কাৰ্যসূচীসমূহৰ আঁত ধৰে বটদ্ৰৱাৰ যুৱ সমাজকৰ্মী গুণমনি কলিতাই  ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা