কৃষ্ণাইত বন বিষয়াৰ তৎপৰতাঃপুণঃ জব্দ কৰিলে দুটা অবৈধ কাঠ ফলা মিল

বন বিভাগৰ চকুত ধূলি দি চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই থকা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে গোৱালপাৰা জিলাৰ বন বিভাগ ৷ এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই জিলাখনৰ কৃষ্ণাই আঞ্চলিক বন বিভাগো ৷ বিশেষকৈ বন বিষয়া শিৱাণী দলে ( পেগু) য়ে কৃষ্ণাই আঞ্চলিক বন বিভাগৰ দায়িত্ব লোৱাৰে পৰা বন ধ্বংসকাৰী সকলৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলাই আহিছে ৷ এই অভিযান কালতে আজি জিলা খনৰ অসম মেঘালয় সীমান্তবৰ্তী খংখালৰ পৰা কৃষ্ণাই বন বিভাগে দুটাকৈ বেণ্ড শ্ব’ মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ কৃষ্ণাই আঞ্চলিক বন বিষয়া গৰাকীৰ নেতৃত্বত যোৱা বনৰক্ষী আৰু বনকৰ্মীৰ দল এটাই অবৈধ মিল দুটা উচ্ছেদ কৰাৰ লগতে দুটা মেচিন সহ বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰি বন কাৰ্যালয়লৈ লৈ আহে ৷ বন বিষয়া গৰাকীৰ এই তৎপৰতাক সচেতন মহলে শলাগিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report

Comments