সদৌ অসম পেৰা অলিম্পিক সন্হাৰ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান




ষ্টাফৰিপৰ্টাৰ, ১৩ অক্টোবৰ : 
বিভিন্ন সমস্যাৰে ভাৰক্ৰান্ত সদৌ অসম পেৰা অলিম্পিক সন্হাই মঙলবাৰে  অসম সচিবালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰে ৷ সংগঠনৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকা , কাৰ্য্যকৰী সভাপতি ৰাজীব দাস, সাধৰন সম্পাদক ৰাজীব দে্  উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাৰ্য্যলয়ত উপস্থিত হয় ৷ দীৰ্ঘদিনৰ পৰা সদৌ অসম পেৰা অলিম্পিক সন্হাই মহানগৰীৰ নেহেৰু ষ্টেডিয়ামত এটি কাৰ্য্যলয় বিছাৰি
 হাবথুৰি খাই আহিছে ৷ লগতে চৰকাৰে বছৰেকীয়াকৈ সন্হাটোক দিয়া ধনৰ পৰিমান
 কম হোৱা বাবেই মুখ্যমন্ত্ৰী গৰাকীক অবগত কৰে ৷ এই ক্ষেত্ৰত সন্হাৰ দুয়োটা সমস্যা সমধানৰ অৰ্থে প্ৰতিনিধিৰ দলটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে শীঘ্ৰেই দুয়োটা সমস্যা সমধান কৰিব বুলি প্ৰতিনিধি দলক আশ্বাস প্ৰদান কৰে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভাগীয় কৰ্তীপক্ষক নিৰ্দেশনা দিয়াৰ কথা জানিবলৈ দিয়ে কাৰ্য্যকৰী সভাপতি ৰাজীব দাসে ৷উল্লখ্য সদৌ অসম পেৰা অলিম্পিক সন্হাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী গৰাকীক সম্বৰ্ধনা জনোৱা হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা