দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাঃট্ৰাক- স্কৰপিঅ’ৰ মুখামুখি সংঘৰ্ষত কৃষ্ণাইৰ ৩ যুৱক নিহত

আন এজনৰ অৱস্থা সংকটজনক

-------


মহাষ্টমীৰ সন্ধিয়াই গোৱালপাৰা জিলাৰ লেলাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ’ল এটি শোকাৱহ পথ দুৰ্ঘটনা ৷ এখন স্ক’ৰপিঅ’আৰু  ট্ৰাক এখনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় ৷ জানিব পৰা মতে, এল্ট’ গাড়ী এখনক অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়তে দ্ৰুতবেগী স্ক’ৰপিঅ’ গাড়ীখন গুৱাহাটী দিশলৈ গৈ থকা ট্ৰাক খনৰেে মুখামুখি সংঘৰ্ষত পতিত হয় ৷ দুধনৈৰ পৰা কৃষ্ণাই অভিমুখে গৈ থকা AS18D 6957 নম্বৰৰ স্ক’ৰপিঅ খন তীব্ৰবেগেৰে ট্ৰাকখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে৷ দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে, স্ক’ৰপিঅ’ খন ধ্বংসস্তুপত পৰিণত হৈ যায়৷ চুৰ্ণ বিচুৰ্ণ হৈ পৰা বাহনখনৰ পৰা আৰক্ষী আৰু স্থানীয় লোকে বহু সময় ধৰি কৰা চেষ্টাৰ অন্ততহে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ভয়ংকৰ এই সংঘৰ্ষত স্ক’ৰপিঅ’ত থকা দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰতৰ ভাৱে আহত হয় ৷ ইয়াৰে আন এজনৰ  পিছত গোৱালপাৰাৰ চলেছ হাস্পতালত মৃত্যু ঘটে ৷ নিহত যুৱক তিনিজন হৈছে ক্ৰমে কৃষ্ণাই জ্যোতিনগৰৰ বিক্ৰম সাহা,দুৰ্জাবাড়ীৰ খষভ গুহ আৰু বাবুপাৰাৰ শান্তু দে ৷ আনহাতে আহত বাপন দাস (কৰ্মকাৰপাৰা)ক অতি সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ আটাই কেইজন যুৱকৰে বয়স ১৮/১৯ বছৰৰ ভিতৰত ৷দুৰ্গাপূজাৰ অষ্টমীৰ দিনাই এনে শোকাবহ দুৰ্ঘটনাৰ ঘটনাই সমগ্ৰ কৃষ্ণাইতে শোকৰ ছাঁ পেলায় ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা