তৰণীৰ আৰিমত্ত ফুটবলত ঢোলকুছি সত্যকাম সংঘ চেম্পিয়ন

প্ৰতিবেদক, ৰঙিয়া , ১১ অক্টোবৰঃ ৰঙিয়াৰ সমীপৰ তৰণীৰ আৰিমত্ত ফুটবল ক্লাৱৰ সৌজন‍্যত স্থানীয় আৰিমত্ত মিনি ষ্টেডিয়ামত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হয় চুড়ান্ত খেলখন। খেলখন উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ জলসিঞ্চন আৰু ৰাজ্যিক শিক্ষা মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই ।তীব্ৰ উত্তেজনাময় ফাইনেল খেলখনত ঢোলকুছি সত্যকাম সংঘই ৩—১ গলত বিজয়ী হৈ বৰুন ভূঞা সোৱৰণী চেম্পিয়ন ট্ৰফী আৰু তৰণী এফ চিয়ে সুৰেন কলিতা সোৱৰনী ৰাণাৰ্চ আপ ট্ৰফী পাবলৈ সক্ষম হয়। লগতে চুড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বটা লাভ কৰে ঢোলকুছি সত্যকাম সংঘৰ গলৰক্ষক দৈমালু বড়োয়ে ।বিজয়ী দলৰ হৈ খেলৰ দ্বিতীয়াৰ্ধৰ ৪৯ মিনিটত ২ নং জাৰ্চি পৰিহিত বুলবুল দাস, ৫২ মিনিটত ৭ নং জাৰ্চি পৰিহিত অঙ্কুৰ দাস আৰু ৭৮ মিনিটত ১১ নং জাৰ্চি পৰিহিত কমল দাসে গল দিয়াৰ বিপৰীতে তৰণী এফ চিৰ হৈ ৭২ মিনিটত গল এটি পৰিশোধ কৰে ৭নং জাৰ্চি পৰিহিত নিপু কলিতাই। আনহাতে ঢোলকুছি সত্যকাম সংঘৰ ৬নং জাৰ্চি পৰিহিত গজেন বড়ো আৰু ১২ নং জাৰ্চি পৰিহিত মৃদুল দাসক নীতি বহিৰ্ভূত খেলৰ বাবে ৰেফাৰীয়ে হালধীয়া কাৰ্ড দেখুৱাই। খেলখন পৰিচালনা কৰে ৰেফাৰী উমেশ শালৈ, মুকুন্দ ৰাজবংশী, অমল কলিতা আৰু তপন কলিতাই। বটা বিতৰণীৰ পিছত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ নিষ্ক্ৰিয়তাক লৈ ক্ষোভ উজাৰে খেল পৰিচালনা সমিতিয়ে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা