নগাঁৱৰ জাজৰিত ইণ্ডিয়ান অইলৰ তেল ডিপো মুকলি

নগাঁৱৰ জাজৰিত ইণ্ডিয়ান অইলৰ তেল ডিপো মুকলি#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ অক্টোবৰঃ দিনক দিনে দ্ৰুত গতিত যান-বাহনৰ সংখ্যা বৃদ্ধি পাই অহাত ইয়াৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ চাহিদাও ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷ কিন্তু ইন্ধনৰ চাহিদা বৃদ্ধি পালেও গ্ৰামাঞ্চলত সাধাৰণতে তেলৰ ডিপো নথকাত সহজলভ্য নহয় যান-বাহনৰ বাবে প্ৰয়োজনীয় পেট্ৰ’ল আৰু ডিজেল ৷ অনুৰূপ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বৃহত্তৰ হাতীচোং আৰু শিলপুখুৰী মৌজাত তেল ডিপো নথকাত মৌজাদুটাৰ ৰাইজে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ পিছে ৰাইজৰ এনে অসুবিধা দুৰ কৰি বুধবাৰে জিলাখনৰ জাজৰিত ইণ্ডিয়ান অইলৰ এটা তেল ডিপো ৰাইজৰ সেৱাৰ বাবে মকলি কৰা হয় ৷ বেবেজীয়া-হাতীচোং-জাজৰি সংযোগী গড়কাপ্তানী পথৰ "চেল্ফি ৰোড"ৰ কাষতে স্থাপন কৰা এই ডিপোটো এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আনুষ্ঠানিকভাবে ফিটা কাটি শুভ উদ্বোধন কৰে বয়সীয়ান ধৰ্মপ্ৰাণ মহিলা ৰাণু বৰাই ৷ এই মৰ্মে ক’ভিড প্ৰট’কল মানি আয়োজিত এই উদ্বোধনী অনুষ্ঠানত ডিপোটোৰ সৰ্ত্বাধিকাৰী পৰশ মনি দাস, প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰাণজিৎ বৰা, ইণ্ডিয়ান অইলৰ মাৰ্কেটি’ অফিচাৰকে প্ৰমুখ্য কৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ এই ডিপোত উন্নত মানৰ পেট্ৰল-ডিজেল ৰাইজে লাভ কৰাৰ বিপৰীতে বিভিন্ন শস্যৰ বীজ, ৰাসায়নিক সাৰ, কৃষিৰ নানা বিধৰ সামগ্ৰী, কীটনাশক দ্ৰৱ্য, কিতাপ-বহি আদিয়ো উপলব্ধ হব বুলি ডিপোটোৰ স্বত্বাধিকাৰ পৰশ মণি দাসে জানিবলৈ দিছে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা