যুদ্ধ স্মাৰকত বিজেপিৰ স্বচ্ছ অভিযান




ভঙাগড়ৰ প্ৰতিবেদক, ২২ অক্টোবৰ : 
ভাৰতীয় জনতা পাৰ্টী মধ্য গুৱহাটী  মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত বৃহস্পতিবাৰে যুদ্ধ স্মাৰকত স্বচ্ছ অভিযান আৰম্ভ কৰে ৷ মহানগৰীৰ দীঘলীপুখুৰী পাৰস্হিত যুদ্ধ স্মাৰকত চৌহদত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সদস্য সকলে এফালৰ পৰা চাফচিকুণ কৰে ৷ মধ্য গুৱাহাটী মণ্ডল সভাপতি অসীম হাজৰিকাৰ আৰু সংখ্যালঘু মৰ্চাৰ সভাপতি আব্দুল ফৰিদে হাতত ঝাৰুলৈ পৰিস্কাৰ কৰা দেখিবলৈ পোৱা যায় ৷ ইপিনে মণ্ডল উপসভাপতি ক্ৰমে বিক্ৰম সিং, সুশীল কুমাৰ শৰ্মা, কিশোৰ মিত্ৰ, সাধাৰণ সম্পাদক নয়ন জ্যোতি চৌধুৰী, নৱ লহকৰ লগতে ভালেসংখ্যক বিজেপিৰ সদস্য উপস্থিত থাকি স্বচ্ছ অভিযানত সহযোগিতা আগবঢ়ায় ৷ এই ক্ষেত্ৰত যুদ্ধ স্মাৰন কৰ্তীপক্ষই বিজেপিৰ সদস্য সকলক ধন্যবাদ জ্ঞাপন কৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা