বেবেজীয়াত তিনিটাকৈ পথৰ শুভ উদ্বোধন

পথৰ উন্নতি অবিহনে উন্নয়ন অসম্ভৱ --- ৰূপক শৰ্মা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ অক্টোবৰঃ  সমাজৰ উন্নতিৰ লগত যাতায়াত ব্যৱস্থাৰ এক বিশেষ সম্পৰ্ক আছে ৷ যাতায়াত ব্যৱস্থাই এখন সমাজক প্ৰতিনিধিত্ব কৰি আহিছে ৷ সূচল পথৰ সুন্দৰ যাতায়াত ব্যৱস্থাই আমাৰ সমাজৰ সামগ্ৰীক উন্নতিৰ ছবি এখন দাঙি ধৰে ৷ গতিকে পথৰ উন্নতি অবিহনে উন্নয়ন অসম্ভৱ ৷ এই মন্তব্য নগাঁও সদৰ বিধান সভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ ৷  নগাঁও জিলাৰ বেবেজীয়াত তিনিটাকৈ নিৰ্মাণ পথৰ নিৰ্মাণ আঁচনিৰ শুভ উদ্বোধন কৰি বিধায়ক শৰ্মাই অঞ্চলটোলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ৷ বিধায়ক শৰ্মাই বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথৰ উপস্থিতিত চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৯-২০ বৰ্ষৰ প্ৰথম কৃষ্টিৰ অনুমোদিত ৫,৩৪,৯০০ টকাৰে বেবেজীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা ৰাজীৱ বৰাৰ ঘৰলৈ, দ্বিতীয় কৃষ্টিৰ ৪,৭৭,৮৩৩ টকাৰে বেবেজীয়া ৰাষ্ট্ৰীয় ঘাইপথ স্থিত বেবেজীয়া জুনিয়ৰ কলেজৰ সন্মুখৰ ৯০ মিটাৰ পথ আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৯-২০ বৰ্ষৰ দ্বিতীয় কৃষ্টিৰ অনুমোদিত ৯,০০,০০০ টকাৰে ৩৭ নং ৰাষ্ট্ৰীয় পথ বেবেজীয়াৰ পৰা কণমাই বৰদলৈ ঘৰলৈ পথৰ নিৰ্মাণ আঁচনিৰ শুভ উদ্বোধন কৰাৰ উপৰি বিধায়ক শৰ্মাই  চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৭-১৮বৰ্ষৰ প্ৰথম কৃষ্টিৰ অনুমোদিত ৪,১৮,৫২০ টকাৰে পূৱ জামুগুৰি সমূহীয়া ভৱনৰ লগতে দ্বিতীয় কৃষ্টিৰ ৩,০০,০০০ টকাৰে ডিমৌৰ কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ নিৰ্মাণ আঁচনিৰ শুভ উদ্বোধন কৰে ৷ এই অনুষ্ঠানকেইটাত তিৱা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ বিদ্যুত বৰদলৈ আৰু খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তীও উপস্থিত থাকে ৷
------------- ×× -------------

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা