নগাঁৱত "বিশ্ব মানসিক স্বাস্থ্য দিৱস" উদযাপন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১০ অক্টোবৰঃ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ উদ্যোগত তথা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা আৰু স্বেচ্ছাসেৱী অনুষ্ঠান “চাইন” ৰ সহযোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত বিশ্ব মানসিক স্বাস্থ্য দিৱসটি উদযাপন কৰা হয়। এই উপলক্ষে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাগৃহত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ সভাখনিত সভাপতিত্ব কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক খগেন নাথে ৷ সভাত আজিৰ সমাজত মানসিক ৰোগী সকলে ভুগি অহা বিভিন্ন সমস্যা ৰাজিৰ ওপৰত আলোকপাত কৰি নগাঁৱৰ মনোৰোগ চিকিৎসক ডাঃ জিয়াউদ্দিন আহমেদে আগবঢ়োৱা আদৰণী ভাষণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল পাটৰে মানসিক ৰোগী সকলৰ বিভিন্ন দিশ সমূহৰ ওপৰত এটি চমু ভাষণ প্ৰদান কৰে ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ অজিত গোস্বামীয়ে বিভিন্ন প্ৰকাৰে মানুহ হীনমান্যতাত ভূগিব পাৰে বুলি উল্লেখ কৰি জনসাধাৰণ সতৰ্ক হ'লে ইয়াৰ প্ৰতিকাৰো হয় বুলি মত প্ৰকাশ কৰি এক তথ্য সমৃদ্ধ মনোগ্ৰাহী ভাষণ প্ৰদান কৰে ৷ সভাত উপস্থিত থাকি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ  সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই মানসিক ৰোগীসকলৰ উৎকৰ্ষ সাধন সম্পৰ্ক ভাষণ প্ৰদান কৰে। স্বেচ্ছাসেৱী অনুষ্ঠান “চাইন”ৰ অন্যতম বিষয়-ববীয়া জ্যোতিপ্ৰসাদ বৰাই আঁ‌ত ধৰা সভাত জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ দ্বাৰা “জ্ঞানম-সুন্দৰম” নামৰ এখনি বাটৰ নাটো প্ৰদৰ্শন কৰা হয় ৷ জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ মনোৰোগ সমাজ-সেৱিকা মনিমালা বৰাই শলাগৰ শৰাই আগবঢ়োৱা সজাগতা সভাখনিত প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰাৰ লগতে জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ কৰ্মচাৰী গীতামনি বৰুৱা, অবনিতা শইকীয়াসহ আন কৰ্মচাৰী সকল উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা