বটদ্ৰৱা সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস উৎযাপন

 সমাগত বিধানসভা নির্বাচন ।ঠিক তেনে সময়তে বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনৰ বাবে চলাইছে প্ৰস্তুতি ।সেয়েহে আজি ৩৬ সংখ্যক অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস ৰাজ্যজুৰি উৎযাপন কৰাৰ লগতে  বটদ্ৰৱা সমষ্টিৰ চাবুকধৰাতো দেখিবলৈ পোৱা গল প্ৰতিষ্ঠা দিৱস উৎযাপন ।অগপ দলৰ মামণি বৰাৰ নেতৃত্বত আজি পুৱা ভাগৰ পৰাই শ্বহীদ তৰ্পন আৰু সমষ্টিৰ বহু নেতা কৰ্মীবৃন্দৰ উপস্থিতিত অগপ দলৰ হৈ বহু আলোচনা কৰা দেখিবলৈ পোৱা যায় ।বিগত বছৰৰ তুলনাত এইবাৰ অগপ দলৰ ভেটি বহু মজবুত আৰু যোৱাবাৰ মিত্রজোঁটৰ কাৰণে যদিও অগপ দলৰ প্ৰাৰ্থী প্ৰদান কৰা হোৱা নাছিল কিন্তু এইবাৰ ৰাইজৰ আহ্বান মৰ্মে অগপ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হ'ব বুলিও মত পোষণ কৰে মামণি বৰাই ।শ্বহীদ সকলকো সুৱৰণ কৰি সদায় ৰাইজৰ মঙ্গলৰ হকে সদায় কাম কৰি যোৱাৰো প্ৰতিশ্ৰুতি দিয়ে মামণি বৰাই ।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অগপ দলেও যেন বটদ্ৰৱা সমষ্টিত এতিয়া বিভিন্ন সময়ত চলাইছে ব্যাপক প্ৰস্তুতি ।পৰবৰ্তী সময়ত হে লক্ষ্যণীয় হব  মিত্ৰজোঁটৰ হৈ কোনে দলে প্ৰাৰ্থীত্ব প্ৰধান কৰে সমষ্টিটোত।

মৈৰাবাৰীৰ পৰা মুস্তাফিজুৰ আহমেদৰ ৰিপৰ্ট Fast News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা