ৰঙিয়াত চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ চিন্তামণি কলিতা, ৱাজেদ ছোহেইলক সম্বৰ্ধনা

প্ৰতিবেদক, ৰঙিয়া, ২৮ অক্টোবৰঃ ভাৰতৰ ছাত্ৰ ফেডাৰেছন আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰছনৰ ৰঙিয়া আঞ্চলিক কমিটীৰ উদ্যোগত আজি চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় বাছনি পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ৰঙিয়াৰ চিন্তামণি কলিতা আৰু ৱাজেদ ছোহেইলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সৰ্বভাৰতীয় পৰীক্ষাত পাৰদৰ্শিতা প্ৰদৰ্শনেৰে ৰঙিয়াৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা  শিক্ষাৰ্থী দুগৰাকীক উৎসাহিত কৰাৰ উদ্দেশ্যে ৰঙিয়াৰ পদুম কুৱঁৰী বিদ্যালয়ত  অনুষ্ঠিত এই সম্বৰ্ধনা কাৰ্যসূচীৰ আঁত ধৰে ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি কাশ্যপ চৌধুৰীয়ে। সভাপতিত্ব কৰে শিক্ষক তথা গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ নেতা ছফিকুল ইছলামে। সভাত বিশিষ্ট ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে সাংবাদিক মুকুল কলিতাই। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি আগবঢ়োৱা এক বক্তব্যত তেওঁ বৰ্তমান শিক্ষা ব্যৱস্থাৰ সমস্যাসমূহ সমাধানৰ বাবে সংগ্ৰামৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে আৰু অধ্যয়ন আৰু সংগ্ৰাম একেলগে চলাই নিয়াৰ বাবে আহ্বান জনায়। সভাৰ শেষত কৃতী শিক্ষাৰ্থী দুগৰাকীক কিতাপৰ টোপোলা,গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধিত কৰা হয় বুলি জানিবলৈ দিয়ে এছএফআই আৰু ডিআইএফআইৰ ৰঙিয়া আঞ্চলিক কমিটিৰ ধীৰাজ নাথ আৰু পৱন চৌধুৰীয়ে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা